বিদ্যালয়লৈ কম্পিউটাৰ-শ্ৰেণী কক্ষ প্ৰদান চাহ কোম্পানীৰ

0 20
শতাব্দ প্ৰতিনিধি, চৰাইদেউ, ২ মে’ : চৰাইদেউ জিলাৰ গড্ ৰিক কোম্পানীৰ বৰপাত্ৰ চাহ বাগিচাই বৰহাট অঞ্চলটোত বিগত বৰ্ষত বাগিচাৰ জনকল্যাণ আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ স্ক’লাৰশ্বিপকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। আজি টিট্লাগড় হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কম্পিউটাৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে  দুটা কম্পিউটাৰ সহ সাত লাখ টকাৰ ব্যয়েৰে নিৰ্মিত এটা কম্পিউটাৰ শ্ৰেণী কক্ষ শুভ উদ্বোধন কৰে কোম্পানীৰ কলকাতাৰ মেনেজিং ডাইৰেক্টৰ অতুল আষ্ঠানাই।উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি টিট্ লাগড়ৰ হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন ৰাজগুৰুৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। টিট্ লাগড় হাই স্কুলৰ শিক্ষক ৰাজেন বড়াই আঁত ধৰা অনুষ্ঠানত বৰপাত্ৰ চাহ বাগিচাৰ পৰিচালক ময়ুৰেজ বৰুৱা,সহঃ পৰিচালক ক্ৰমে- দৰ্পণ মহন্ত, বিদ্যুৎ চুতীয়া, সিদ্ধাৰ্থ বৰঠাকুৰ, টিট্ লাগড় হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক লোচন শইকীয়া, টিট্ লাগড়ৰ হাই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ সোণোৱাল প্ৰমুখ্যে কেবাজনো লোকে সভাত অংশগ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.