শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০জুন: ৰাজ্যৰ মন্ত্ৰী সভাত ভৱিষ্যতে বিপিএফ দলৰ কোনো বিধায়কেই মন্ত্ৰিত্ব লাভ নকৰে বুলি আজি তেজপুৰত দাবী কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এলৰ বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই।তেজপুৰত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত অংশ ল’বলৈ অহা মন্ত্ৰী ব্ৰহ্মই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এনে কোনো প্ৰচেষ্টা ফলৱতী নহয় বুলি বিটিএডি অঞ্চলত বিপিএফৰ বৰ্তমান কোনো খোপনি নাই বুলিও প্ৰকাশ কৰি মহিলাৰীক বিপিএফ দলৰ অস্তিত্বকলৈয়ে প্ৰত্যাহ্বান জনাই কয় যে,২০২৫ৰ বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰি দেখাওঁক।ব্ৰহ্মই লগতে কয় যে, হাগ্ৰামা মহিলাৰী পুনৰ বি টি এ ডিৰ চীফ হ’ব নোৱাৰে।মহিলাৰীয়ে বৰ্তমান বিটিএডিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো হৈ থকাতো নিবিচাৰে।আনহাতে যোৱা ৰাজ্য সভাৰ নিৰ্বাচনত বিজেপিৰ স’তে বিপিএফৰ মিত্ৰতাকো এক আচৰিত মিত্ৰতা বুলি উল্লেখ কৰে ব্ৰহ্মই।শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী সভা সম্প্ৰসাৰণত ইউ পি পি এল দলৰ বিধায়কে স্থান লাভ নকৰা সন্দৰ্ভত ব্ৰহ্মই কয় যে,ইউ পি পি এল দলৰ বিধায়কে মন্ত্ৰিত্ব লাভৰ আশা বৰ্তমানেও আছে।বৰ্তমানেও ৰাজ্যৰ মন্ত্ৰী সভাত আৰু তিনিজন মন্ত্ৰী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকাৰ বাবেই ব্ৰহ্মই এইদৰে কয়।