শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক পৰ্য্যায়লৈ প্ৰেৰণ কৰা হ’ব। উক্ত দলটো নিৰ্বাচিত কৰিবলৈ অহা ১৬ জুলাই দেওবাৰে শোণিতপুৰ যোগ সন্হাৰ উদ্যোগত আৰু বিহগুৰি টুমুকীৰ “নৱসূৰুয” যোগ কেন্দ্ৰৰ সহযোগত বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত ১২ সংখ্যক শোণিতপুৰ জিলা যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনি সফল কাম হ’বৰ বাবে শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন যোগ কেন্দ্ৰৰ প্ৰতিযোগী সকলক অহা ৯ জুলাই তাৰিখে বিয়লি ৫ বজাত নাম সমূহ দিবলৈ জিলাৰ সম্পাদিকা নমিতা লহকৰ ডেকাই এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে। আনহাতে যিকোনো লোকৰ
চৰ্দি,মূৰৰ বিষ,ইনফ্লুয়েঞ্জা ,চাইনাচ অথবা মাইগৰেন আদি ৰোগৰ বিজাণু নাশ কৰাৰ প্ৰাকৃতিক পদ্ধতিৰে যোগৰ দ্বাৰা নিৰাময় কৰিব পাৰি। কেনেদৰে যোগাসনৰ দ্বাৰা সততে যিকোনো লোকৰ ক্ষেত্ৰত সঘনে হোৱা এই ৰোগসমূহ নিৰাময় কৰিব পাৰি সেই বিষয়ৰ ওপৰত তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত কালি কৰি দেখুৱাই তেজপুৰৰ বিশিষ্ট যোগ প্ৰশিক্ষক নমিতা ডেকা লহকৰে। উল্লেখ্য যে, তেজপুৰৰ অসমীয়া ক্লাবৰ উদ্যোগত যোৱা ২ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হৈ থকা যোগক্ৰীড়াৰ এক বিশেষ প্ৰশিক্ষণ কৰ্মশালাত অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ যোগ প্ৰশিক্ষক নমিতা ডেকা লহকৰে নিতৌ প্ৰশিক্ষাৰ্থী সকলক যোগাসনৰ বিভিন্ন শৈলী প্ৰদৰ্শন কৰি প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ পিছত কালিৰ দিনটোত এনে ৰোগ সমূহৰ নিৰাময়ৰ বাবে কেনেদৰে যোগৰ দ্বাৰা প্ৰাকৃতিক শৈলীৰে উপশম কৰিব পাৰি তাক প্ৰদৰ্শন কৰাৰ মুহূৰ্তত আন আন লোকসকলো উপকৃত হয়। উল্লেখ্য যে, যোৱা ২ জুলাইত তেজপুৰ জিলা ক্ৰীড়া বিষয়াৰ লগতে বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰাকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় এই কৰ্মশালাৰ।

পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা