বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ পৰিচালনাত লুপ্ত হ’বলৈ ধৰা দেৱদাসী নৃত্য পৰিৱেশন

0 0

মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে সুনাম কঢ়িয়াই অনা সাৰণ্যা মহন্তৰ লগতে ভাৰত চৰকাৰৰ জলপানি লাভ কৰা চাৰি উদীয়মান শিল্পীক অভিনন্দন জ্ঞাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুলাই : প্ৰাচীন মন্দিৰ সমূহত সততে প্ৰচলিত হৈ অহা দেৱদাসী নৃত্য সম্প্ৰতি মন্দিৰসমূহত লুপ্ত হৈ পৰাই নহয় এসময়ৰ অতি জনপ্ৰিয় এই নৃত্য প্ৰায় সকলো প্ৰান্ততে লুপ্ত হৈ পৰাৰ সময়তে আজি উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত পৰিৱেশন হ’ল অতি আকৰ্ষণীয় ৰূপত। উল্লেখ্য যে দৰংমহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত যোৱা ১১ জুলাইৰ পৰা তেজপুৰৰ নৃত্যানুষ্ঠান “নৃত্যশালা”ৰ উদ্যোগত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ এক বিশেষ কৰ্মশালাৰ আজিৰ সামৰণি অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া তথা শাস্ত্ৰীয় নৃত্য শিল্পী ড° প্ৰতিভা শৰ্মাৰ পৰিচালনাত কৰ্মশালাৰ একাংশ শিক্ষাৰ্থীয়ে অতি আকৰ্ষণীয় ভাৱে লুপ্ত হৈ পৰা এই দেৱদাসী নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰি তোলে। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই আন অতিথি সকলৰ সহযোগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আজিৰ এই সামৰণি অনুষ্ঠানতে সত্ৰীয়া নৃত্যৰ শিক্ষাৰ্থী দৃষ্টি মহন্ত, কংকিতা ভৰালী, পৰীণিতা কাকতি আৰু সাৰণ্যা মহন্তক ভাৰত চৰকাৰৰ চি চি আৰ টিৰ জলপানি লাভ কৰাৰ লগতে সাৰণ্যা মহন্তই মালয়েছিয়াত শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰি কৃতিত্ত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাত নৃত্যশালা আৰু দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ হৈ শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে অভিনন্দন জ্ঞাপন কৰে ।অভিনন্দন জ্ঞাপন কৰি জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে এনেধৰণৰ কৰ্মশালা সমূহে প্ৰশিক্ষাৰ্থী সকলৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকাশত যথেষ্ট অৰিহণা যোগায় বুলি মন্তব্য কৰে। উল্লেখ্য যে, নৃত্যশালাৰ অধ্যক্ষা মায়াৰাণী বৰাৰ তৎপৰতাত অনুষ্ঠিত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰম্ভ হয় প্ৰশিক্ষাৰ্থী সকলৰ “মাটি আখৰা” পৰিৱেশনেৰে। দৰংমহাবিদ্যালয়ৰ এলুমনাই সন্হাৰ সাধাৰণ সম্পাদক ড° মনোজ হাজৰিকা, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ তত্বাৱধায়ক তথা অধ্যাপিকা ড০ স্বপ্নালী কাকতি, মূল প্ৰশিক্ষক ড০ প্ৰতিভা শৰ্মা, তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিষয়া মধুস্মিতা দত্ত আদিয়ে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই মহাবিদ্যালয়খনত এই কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে “নৃত্যশালা” ৰ সকলোকে শলাগ জ্ঞাপন কৰি ভৱিষ্যতেও এনে প্ৰয়াস অব্যাহত ৰখা হ’ব বুলি মন্তব্য কৰে । আনহাতে অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি দৰংমহাবিদ্যালয়ৰ এলুমনাই সন্হাৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই এসময়ৰ সত্ৰৰ চাৰিসীমাৰ মাজত আৱদ্ধ হৈ থকা উচ্চ আধ্যাত্মিক গুণসম্পন্ন সত্ৰীয়া নৃত্যই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বিশেষ তৎপৰতাত ২০১৯ চনত শাস্ত্ৰীয় স্বীকৃতি লাভ কৰাৰ পিছত এতিয়া ৰাজ্য তথা দেশৰ পৰিধি অতিক্ৰমী সমগ্ৰ বিশ্বতে বন্দিত হৈছে বুলি কয়। আনহাতে প্ৰশিক্ষাৰ্থী সকলক প্ৰদৰ্শনত অধিক গুৰুত্ব দিয়াতকৈ ইয়াক শুদ্ধ শৈলীৰে শিকাৰ ওপৰতহে গুৰুত্ব দিবলৈ আহ্বান জনায়। বিশিষ্ট সংগীতশিল্পী ৰমেশ ডেকা, সাংস্কৃতিক কৰ্মী কৰুণা মহন্তকে ধৰি একাংশ বিশিষ্ট লোকৰ উপস্থিতিত সকলো প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰা আৰু প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষক ড০ প্ৰতিভা শৰ্মা আৰু নৃত্যশালাৰ অধ্যক্ষা মায়াৰাণী বৰাক উপহাৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে পৰিৱেশন কৰে সূত্ৰধাৰী নৃত্য আৰু বিষ্ণু বন্দনাৰে আকৰ্ষণীয় চালি নৃত্য।

মন্তব্য দিয়ক

Your email address will not be published.