বিশ্বনাথত গৰু বিহুৰ দিনাই যুৱকৰ সলিল সমাধি

0 38
বিশ্বনাথ ১৬ এপ্ৰিলঃ গৰু বিহুৰ দিনটোতে  বিশ্বনাথ চাৰিআলিত এক কৰুণ ঘটনা সংঘটিত হয় । বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়েহাগী গাঁৱৰ সমীপৰ চালিয়া চাপৰিত গৰু নোৱাবলৈ গৈ অজলাসুঁতি নদীত প্ৰাণ গল এজন যুৱকৰ । এই ঘটনাই সমগ্ৰ অঞ্চল শোকস্তব্ধ কৰি তুলিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে অজলাসুঁতি নৈত গৰু বিহুৰ দিনা গৰু নোৱাবলৈ আহিছিল গড়েহাগী গাঁৱৰ ৰাইজ। গৰু নোৱাই থকা অৱস্থাত গড়েহাগী গাঁৱৰ নিতুল কোছ নামৰ ৪৫ বছৰীয়া যুৱক জনৰ সলিল সমাধি ঘটে। গৰু নোৱাই নৈ ইপাৰ সীপাৰ হবলৈ চেষ্টা কৰোতেই এই ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে নাৱৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰে। গৰু বিহুৰ দিনাই বিশ্বনাথত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ পেলাইছে।
মন্তব্য দিয়ক

Your email address will not be published.