শতাব্দ প্ৰতিনিধি, বিশ্বনাথ ১৭ এপ্ৰিলঃ বিশ্বনাথৰ ৰেল গেটত কালি উন্মোচন কৰা হয় বিশ্ববৰেণ্য শিল্পী,সুধাকণ্ঠ,ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ একান্ত ইচ্ছাৰ ফলত এই মূৰ্ত্তিটো বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সহযোগিতাত ৰাইজৰ বাবে উচৰ্গা কৰা হয়। এই মূৰ্তি নিৰ্মাণ কৰি উলিয়াই বিশিষ্ট ভাস্কৰ্য শিল্পী শিৱ প্ৰসাদ মাৰাৰে। নিৰ্মাণ সমিতিৰ সভাপতি তথা উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিমূৰ্তিটো উন্মোচন কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে। উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ প্ৰধান সম্পাদক বসন্ত বৰাই আঁত ধৰা অনুষ্ঠানটোত উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ অন্যতম সম্পাদক কন্দৰ্প হাজৰিকাই আদৰণি ভাষণ দিয়াৰ লগতে সভাত অন্যতম সম্পাদক ভাস্কৰ জ্যোতি বৰাই মূৰ্ত্তি নিৰ্মাণ আৰু মঞ্চৰ কাৰ্য পন্থাৰ বিষয়ে বক্তব্য আগবঢ়ায়।