শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ এপ্ৰিল : আমৰ চৌপাশে এনে বহু পৰিয়াল দেখা পাওঁ, যিবোৰ পৰিয়ালৰ প্রতিজন সদস্যই বেছ ওখ। কিন্তু কেতিয়াবা ভাবি চাইছেনে— যদি কোনো পৰিয়ালৰ প্রতিজন সদস্য ইমানেই ওখ হয় যে তেওঁলোকে বিশ্ব ৰেকর্ড গঢ়িব পাৰে! কিন্তু বাস্তৱত এনে এটা পৰিয়াল পোহৰলৈ আহিছে, যিটো পৰিয়ালে পৃথিৱীৰ সকলোতকৈ ওখ পৰিয়ালৰ ৰেকৰ্ড গঢ়িছে। পৰিয়ালটো হৈছে আমেৰিকাৰ ‘ট্রেপ’ (Trapp) পৰিয়াল। তেওঁলোকৰ পৰিয়ালৰ সকলোৱেই ওখ। ইতিমধ্যে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছ (Guinness World Records)ত নিজৰ নাম নথিভুক্ত কৰিছে ট্রেপ পৰিয়ালে। এই পৰিয়ালৰ পাঁচজন সদস্য ক্ৰমে স্কট (Scott), ক্রিচি (Krissy), চাভানা (Savanna), মলি (Molly) আৰু আডাম (Adam)। পৰিয়ালটোৰ সদস্যসকলৰ গড় উচ্চতা ৬ ফুট ৮.০৩ ইঞ্চি।
