শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ , ২৯ আগষ্টঃ বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত পুৱা ৫:৩০ বজাত ” Run for the planet” শীৰ্ষক নামেৰে এক দৌৰা কাৰ্য্যসূচী দৰং মহাবিদ্যালয়ৰ IQAC, IIC, NSS, NCC আৰু দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ সহযোগত অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচী মুকলি কৰে দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ খীৰেন্দ্ৰ হালৈয়ে । দৰং মহাবিদ্যালয়ৰ পৰা পৰোৱা চাৰিআলি হৈ অনুষ্ঠিত কৰা এই দৌৰা কাৰ্য্যসূচী অংশগ্ৰহণ কৰে দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ আবাসীসকল, NCC, NSS ৰ সদস্য সকল, দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকা আৰু অধ্যাপিকা ড০ অৰ্পিতা শৰ্মা, ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চৈতন্য হাজৰিকা, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক মানস পাটগিৰি, বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড০ স্বেতা মহন্ত, অৰ্থনীতি বিভাগৰ অধ্যাপিকা সম্পূৰ্ণা খাউণ্ড, দৰ্শন বিভাগৰ কুলুৰাম মিলি, মনোবিজ্ঞান বিভাগৰ অধ্যাপক সত্যদীপ গোৱালা আৰু বড়ো বিভাগৰ অধ্যাপকে ।সামৰণি অনুষ্ঠানত বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় IQAC ৰ সমন্বয়ক ড০ স্বপ্নালী কাকতিয়ে ।