উত্তৰ লখিমপুৰ, ৪ জানুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত খণ্ড পৰ্যায়ত বিশ্ব ব্ৰেইল দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদ্যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।পুৱা ১০বজাত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ১১বজাত খণ্ডটিৰ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ মাজত অনুস্থিত শিকন-শিক্ষণ-সজুঁলিৰ প্ৰতিযোগিতা উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়ক গীতালী দুৱৰাই।১১:৩০বজাত লুই ব্ৰেইলৰ জন্ম দিনৰ কেক কাটে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া হেমকান্ত শইকীয়াই।১১:৪৫বজাত শিক্ষয়িত্ৰী পুষ্পাঞ্জলী হালদাৰৰ নেতৃত্বত খণ্ডটিৰ কৰ্মচাৰী আৰু মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কৰ এটি দলে পোন প্ৰথমবাৰৰ বাবে সৰ্বাত্মক শিক্ষাৰ ইতিহাসত সাংকেতিক ভাষাত জাতীয় সঙ্গীতটি পৰিৱেশন কৰে আৰু সঙ্গীতটি উদ্বোধন কৰে ডায়েট আজাদৰ প্ৰৱক্তা নীলম দোলাকাষৰীয়াই।১২বজাৰ পৰা আৰম্ভ হোৱা মুকলি তথা সজাগতা সভাখনি উদ্বোধন কৰে ডায়েট আজাদৰ অধ্যক্ষা দুলামি হেৰেঞ্জ পাণ্ডেই।সমল ব্যক্তি পংকজ হাজৰিকাই আঁত ধৰা সভাখনিৰ সভাপতিত্ব কৰে ইন্দিৰাগান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্ষীণদৃষ্টি সম্পন্ন ছাত্ৰ ঋষিকেশ শৰ্মাই।সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে অসম অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰী কাকুমনি বৰাই।
অতিথি হিচাপে উপস্থিত থাকে প্ৰৱক্তা ইন্দ্ৰজিৎ গাম,অৱসৰ প্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙকে ধৰি ভালে সংখ্যক ব্যক্তি।সভাত কেইবাজনো দিব্যাঙ্গ শিশুৱে নৃত্য-গীত পৰিৱেশন কৰে।সভাৰ শেষত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগীকে প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে বিশেষ স্থান লাভ কৰা সকলক একোখন মান পত্ৰ আৰু পুৰষ্কাৰেৰে পুৰষ্কৃত কৰা হয়। লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা,দিপক শইকীয়া আৰু অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীৰ উদ্যোগত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনৰ তত্বাৱধানত আজি দিৱসটি পালন কৰা হয়।

পূৰ্বৱৰ্তী লেখা