শতাব্দ প্ৰতিনিধি, গোলাঘাট, ১০ এপ্ৰিলঃ গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ বিজুলী চাহ বাগিচাত বিষাক্ত কাঠফুলা খাই দুগৰাকী শিশুসহ মুঠ চাৰিজন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আজি দুপৰীয়া পৰিয়ালটোৰ চাৰিগৰাকী সদস্যই বিষাক্ত কাঠফুলা ভক্ষণ কৰিছিল। কাঠফুলা খাই অসুস্থ হোৱা লোককেইজন হৈছে ক্ৰমে দিছুৱা ইন্দুৱা, লাৱনা ইন্দুৱাসহ দুগৰাকী শিশু। কেউগৰাকীৰে ঘৰ বিজুলী বাগিচাৰ সুন্দৰপুৰত। অসুস্থ আটাইকেইগৰাকী লোকক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। ইয়াৰে শিশু দুগৰাকী অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। শিশু দুটিৰ বয়স ৭ বছৰ আৰু ১০ বছৰ। পৰিয়ালটোৰ লোকসকলে ঘৰৰ কাষতেই থকা পথাৰৰ পৰা আনি দুপৰীয়া আহাৰৰ সৈতে খাইছিল এই বিষাক্ত কাঠফুলা।