বিষ্ণুজ্যোতি ফুটবল:সঞ্জীৱন সমাজ নগাঁও ফাইনেলত

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭অক্টোবৰ: সঞ্জীৱন সমাজ নগাঁও দলে ছিলঙৰ আমস্নিং ইউনাইটেড ফুটবল ক্লাৱক পৰাস্ত কৰি তেজপুৰত অনুষ্ঠিত হৈ থকা বিষ্ণু জ্যোতি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা ছিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত দুয়োটা দলেই মৰণপন যুঁজ দিয়ে৷ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন গলশূন্য ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় লোৱা হয় আৰু এই পদ্ধতিৰ সহায়ত সঞ্জীৱন সমাজ নগাঁও ফুটবল একাদশে আমস্নিং ফুটবল ক্লাৱক ৩-১গলৰ ব্যৱধানত পৰাস্ত কৰে৷তেজপুৰৰ এখন গুৰুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতা হিচপে পৰিগণিত হোৱা জ্যোতিবিষ্ণু সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা দেওবাৰে অনুষ্ঠিত হ’ব আৰু এই খেলত আজিৰ বিজয়ী দল সঞ্জীৱন সমাজ নগাঁও কেৰালাৰ লুক্কাচ ফুটবল ক্লাৱৰ মুখামুখি হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.