বিসংগতিৰে নিৰ্মাণ মাজুলী-যোৰহাট দলঙৰ খুঁটাঃ আছুৰ স্মাৰক পত্ৰ
শতাব্দ প্ৰতিনিধি, মাজুলী, ১৭মেঃ মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাজুলী জিলা ছাত্র সন্থাৰ উদ্যোগত ১৬ মে’ত অনুষ্ঠিত হোৱা এক নাগৰিক সভাত মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যত হোৱা বিসংগতি সন্দৰ্ভত বিতং ভাবে আলোচনা কৰা হয় সেই আলোচনাত মাজুলীৰ বহু কেইটা স্পৰ্শকাতৰ বিষয় চৰ্চালৈ আহিছিল আৰু সভাই বিষয়সমূহ এক প্ৰস্তাৱ আকাৰে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি আজি ছাত্র সন্থাৰ উদ্যোগত মাজুলীৰ বিধায়ক ভুৱন গামক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰত মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতি থকা ৮ আৰু ১১ নম্বৰ খুঁটাৰ লগতে বাকী ১০ টা খুঁটাও উচ্চ পৰ্যায়ৰ বিশেষজ্ঞই পৰীক্ষা কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। লগতে দলং নিৰ্মাণ কাম স্থবিৰ নকৰি বিজ্ঞান সন্মতভাবে বিশেষজ্ঞৰ উপস্থিতিত দলং নিৰ্মাণ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগতে শেহতীয়াকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱাৰ যি দুগুণ ভাড়া বৃদ্ধি হৈছে এই সিদ্ধান্ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগে শীঘ্ৰে বাতিল কৰা,মাজুলীৰ জিলা চিকিৎসালয়ৰ লগতে প্ৰতিখন চিকিৎসালয়তে প্ৰত্যেক বিভাগৰে পৰ্যাপ্ত চিকিৎসকৰ নিযুক্তি দিয়াৰ লগতে সকলো ধৰণৰ সুবিধান প্ৰদান কৰা,মাজুলীত চলি থকা খহনীয়া অঞ্চল সমূহত ব্ৰহ্মপুত্ৰ বৰ্ডে খহনীয়াৰ প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ লগতে স্থায়ী সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে খহনীয়াগ্ৰস্ত অঞ্চলসমূহত বিজ্ঞানসন্মাত পদ্ধতিৰে সুৰক্ষা প্ৰদান কৰা,মাজুলী মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা,মাজুলী আৰু নিমাতিৰ প্ৰতিটো পাৰত ৰেম্প নিৰ্মাণ কৰা আদি দাবী সম্বলিত স্মাৰক পত্ৰ মাজুলীৰ বিধায়কক সাক্ষাৎ কৰি পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিনিধি দলটোত আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী,সাহিত্য সভাৰ প্ৰতিনিধি প্ৰভাত বুঢ়াভকত, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জগত হাজৰিকা, সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা, মাজুলী মহাবিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° আনন্দ হাজৰিকা, পূব মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা, পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ঘন নাথ, প্ৰাক্তন আছু নেতা দুলাল ভূঞা উপস্থিত থাকে।