বিস্ফোৰক! কৰ’না ভাইৰাছ ‘মেন-মেড’; কোন দুখন দেশ বিয়পি পৰাৰ বাবে দায়ী?

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰ : আৰম্ভণিৰে পৰাই সন্দেহ আছিল। অভিযোগৰ আঙুলিও বহুবাৰ উঠিছে। কিন্তু কোনো পক্ষই স্পষ্টকৈ একো ক’ব পৰা নাছিল; কিয়নো কোনো নিৰ্দিষ্ট প্ৰমাণ নাছিল। কিন্তু এইবাৰ বাধা আঁতৰিল। কৰ’না ভাইৰাছৰ উৎপত্তিৰ সৈতে জড়িত গৱেষণাত চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিল! জনা গৈছে যে এই ভাইৰাছ বিয়পোৱাৰ বাবে দুখন দেশ দায়ী— পৰোক্ষভাৱে আমেৰিকা, প্ৰত্যক্ষভাৱে চীন। মানুহৰ অহৰহ সংগ্ৰামক প্ৰতিহত কৰিছে মাৰাত্মক ভাইৰাছ কৰ’নাই। এই ভাইৰাছৰ নিয়ন্ত্ৰণৰ পৰা ওলাই অহাৰ পিছত লাহে লাহে পৃথিৱী স্বাভাৱিক হৈছে। তথাপি যোৱা দুবছৰৰ আতংক কোনেও পাহৰা নাই। সেয়ে Covid-19 সম্পৰ্কীয় গৱেষণাৰ অন্ত নাই। এই ভাইৰাছৰ উৎস সম্পৰ্কে গৱেষণা কৰা হৈছে। আৰু সেই অধ্যয়নত বিস্ফোৰক তথ্যৰ উন্মেষ ঘটিছে। য়ুহান লেবৰ গৱেষক এণ্ড্ৰু হাফে Covid-19ৰ উৎপত্তি সম্পৰ্কে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে।

এখন বাতৰি কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ গৱেষক এণ্ড্ৰু হাফে কয়— “Covid-19 হৈছে ‘মানুহৰ দ্বাৰা নিৰ্মিত ভাইৰাছ’ আৰু ই দুবছৰ পূৰ্বে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ (WIV)ৰ পৰা ওলাই আহিছিল।” এণ্ড্ৰুৱে এই মহামাৰীৰ বাবে আমেৰিকা চৰকাৰকো দোষাৰোপ কৰে। মহামাৰী বিজ্ঞানী এণ্ড্ৰু হাফে তেওঁৰ নতুন গ্ৰন্থ The Truth About Wuhanত লিখিছে যে চীনত কৰ’না ভাইৰাছৰ ওপৰত আমেৰিকা চৰকাৰৰ পুঁজিৰে গৱেষণাৰ ফলত এই প্ৰাদুৰ্ভাৱ ঘটিছিল। হাফে লগতে কয়— চীনৰ আৰ্থিক লাভৰ বাবে বিভিন্ন ভাইৰাছৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাটো য়ুহান লেবত নতুন কথা নহয়, কৰ’নাৰ ক্ষেত্ৰতো একেই হৈছিল, আৰু ইয়াক পৰ্যাপ্তভাৱে সুৰক্ষিত কৰা হোৱা নাছিল। ফলত ওলাই আহিল। ইয়াৰ পূৰ্বেও চীনৰ য়ুহান পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছৰ উৎপত্তি হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

অৱশ্যে য়ুহান লেব কৰ্তৃপক্ষ আৰু জিনপিঙৰ চৰকাৰ দুয়োটা পক্ষই এই অভিযোগ অস্বীকাৰ কৰি আহিছে। কিন্তু এইবাৰো একেই অভিযোগ উত্থাপন কৰিলে য়ুহান লেবৰ গৱেষক মহামাৰী বিজ্ঞানীয়ে। জনা যায় যে নেচনেল ইনষ্টিটিউট অৱ হেল্থ (NIH) আৰু য়ুহান লেবে যৌথভাৱে কৰ’না ভাইৰাছকে ধৰি বিভিন্ন ভাইৰাছৰ ওপৰত গৱেষণা কৰি আহিছে প্ৰায় এটা দশক। ইয়াৰ ভিতৰত বাদুলিৰ পৰা নিৰ্গত হোৱা ভাইৰাছৰ ওপৰত গৱেষণাও আছিল। নেচনেল ইনষ্টিটিউট অৱ হেল্থ (NIH) মূলতঃ আমেৰিকাৰ এটা সংস্থা। ফলত জৈৱ-চিকিৎসা আৰু জনস্বাস্থ্য গৱেষণাৰ নেপত্যত স্বাভাৱিকতেই আছে আমেৰিকা চৰকাৰ।

মন্তব্য দিয়ক

Your email address will not be published.