বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত স্থানীয় বিদ্যালয় “চেতনা অভিযান”ৰ শুভাৰম্ভ

0 48

শতাব্দ, লখিমপুৰ, ২০ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহত্তৰ বিহপুৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ উদ্দেশ্যে “চেতনা অভিযান “ শীৰ্ষক এলানি সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিহপুৰীয়া মহাবিদ্যালয়ে আদৰ্শ বিদ্যালয় হিচাপে সেৱা আগবঢ়াই অহা “শংকৰদেৱ আদৰ্শ বিদ্যাপীঠ হাইস্কুল”ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্যে উক্ত বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময় কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক সত্যেন্দ্ৰ বৰদলৈ, একে বিভাগৰে সহযোগী অধ্যাপক ড° চিত্ৰলেখা ফুকন আৰু সহকাৰী অধ্যাপক বৰ্ণালী বৰাই ৷ সম্প্ৰতি অসমীয়া সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা বাঢ়িছে যদিও ভাষাটোক শুদ্ধ ৰূপত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সচেতনতাৰ অভাৱ পৰিলক্ষিত হৈছে ৷ ফলস্বৰূপে ভাষাটো অস্থিৰ হৈ পৰা দেখা গৈছে ৷ মত-বিনিময় কাৰ্যসূচীত কেয়োগৰাকী অধ্যাপকে অসমীয়া ভাষাটোলৈ অহা এই অশনি সংকেতৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰু একমাত্ৰ নতুন প্ৰজন্মইহে যে ভাষাটোৰ শুদ্ধ প্ৰয়োগেৰে জাতিটোৰ ভৱিষ্যতক সুনিশ্চিত কৰিব পাৰিব, এই কথাত ঐকমত্য প্ৰকাশ কৰে ৷ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ অংশগ্ৰহণ আৰু সহযোগিতাই এই অভিযানটি সফলকাম হোৱাত বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগে সন্তুষ্টি প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.