বিহপুৰীয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ বৈঠক নোলাল সমাধানঃ শিক্ষক গোটৰ আন্দোলন অব্যাহত 

0 0

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত আজি পৰ্যন্ত কোনোধৰণৰ সমাধান সূত্ৰ বাহিৰ হোৱা নাই। কিছুদিন পূৰ্বে বিধায়কৰ অনুপস্থিতিৰ দোহাই দি পৰিচালনা সমিতিৰ এখন বৈঠক বাতিল কৰা হৈছিল যদিও আজি পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। আজি দিনৰ ২:৩০বজাত পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত পৰিচালনা সমিতিৰ বৈঠকতো একো সমাধান নোলাল। উল্লেখ্য পৰিচালনা সমিতিৰ বৈঠক সাধাৰণতে মহাবিদ্যালয়তে অনুষ্ঠিতকৰণৰ নিয়ম আছে যদিও আজিৰ বৈঠক মহাবিদ্যালয় পৰিচালনা বিধি ভংগ কৰি বিহপুৰীয়া পৰিদৰ্শন বাংলোত অনুষ্ঠিত হয়। উল্লেখ্য যে পৰিচালনা সমিতি আৰু শিক্ষকৰ যুটীয়া বৈঠকত শিক্ষক গোটে উচ্চ শিক্ষাধিকৰ্তাৰ হস্তক্ষেপত বিষয়টো তদন্ত কৰিবলৈ বিচৰা সিদ্ধান্তটো পৰিচালনা সমিতিয়ে মানি লৈ তেওঁলোকৰ ফালৰপৰা প্ৰস্তাৱ পঠোৱা কথা আছিল যদিও আজিৰ বৈঠকত এই বিষয়ে একো সিদ্ধান্তই নহ’ল ৷ এইক্ষেত্ৰত শিক্ষক গোটে আন্দোলন অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.