বিহু উপলক্ষে সাহিত্য প্ৰতিযোগিতাৰ আয়োজন

আকৰ্ষণীয় প্ৰতিযোগিতা- ''অসমীয়া উপন্যাস আৰু বিশ্লেষণ''

0 271

শতাব্দ, উত্তৰ লখিমপুৰ, ৮ মেঃ দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী উৎসৱ লখিমপুৰ-২০২৩ বৰ্ষৰ উদযাপন সমিতিৰ সাহিত্য উপ সমিতিয়ে অহা ১২ মেত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাহিত্য বিভাগৰ প্ৰতিযোগিতাখনি সফল ৰূপায়ণৰ বাবে সমূহ লখিমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। সেইদিনা ছাত্ৰী-ছাত্ৰীৰ মাজত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা সমূহ  হ’ল। ১/ পুৱা ৯.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা। উচ্চ শাখাঃষষ্ঠশ্ৰেণী পৰা অষ্টম শ্ৰেণীলৈকে। নিম্ন শাখাঃ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। ২/পুৱা ১০.৩০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা। উচ্চশাখাঃ নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়লৈ, কবিতাঃ আমি দুৱাৰ মুকলি কৰোঁ।(কবি দেৱকান্ত বৰুৱা), নিম্নশাখাঃ চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, কবিতাঃ জনমভুমি। কবিঃনলিনীবালা দেৱী।৩/ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ স্পৃহা বৃদ্ধি, বৌদ্ধিক চিন্তা-চৰ্চা দ্ৰুত কৰা,সাহিত্যত নৱ চিন্তাৰ উন্মেষ, সৃজন শক্তি বৃদ্ধি কৰাৰ মানসেৰে একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ এটি আৰ্কষণীয় সাহিত্যৰ অনুষ্ঠান আয়োজন কৰাৰ দিহা কৰা হৈছে। ১১.৩০ বজাত ”অসমীয়া উপন্যাস আৰু বিশ্লেষণ”। নিৰ্বাচিত ৫ গৰাকী স্বনামধন্য অসমীয়া বিশিষ্ট ঔপন্যাসিকৰ ৫ খন উপন্যাস নিৰ্বাচন কৰি ছাত্ৰ-ছাত্ৰীসকলক বিশ্লেষণৰ বাবে আগবঢ়োৱা হৈছে।ইয়াৰে যিকোনো এজন লেখকৰ এখন গ্ৰন্থৰ ওপৰতহে প্ৰতিযোগিতাৰ মঞ্চত ছাত্ৰ-ছাত্ৰী সকলে নিজা মতামত আগবঢ়াব লাগিব। উপন্যাস কেইখন হল- (ক) হোমেন বৰগোহাঞিৰ পিতা-পুত্ৰ। (খ) অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল। (গ) য়েছে দৰজে ঠংছিৰ মৌন ওঁঠ মুখৰ হৃদয়। (ঘ) ড° ৰীতা চৌধুৰীৰ দেও লাংখুই। (ঙ) ড° মামনি ৰয়চম গোস্বামীৰ মামৰে ধৰা তৰোৱাল। বিশদ জানিবলৈ সভানেত্ৰী, হাফিজা বেগম।( 8638461494), সম্পাদকত্ৰয় ৰমেশ চুতীয়া (7002351156), কীৰ্তিকান্ত গগৈ (8638629677) আৰু মিজানুজ ৰহমানক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.