‘বিয়লি’ত ডিমেনচিয়াৰ স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত

0 64

শতাব্দ, লখিমপুৰ ১৩ জানুৱাৰীঃ  তীৰ্থেশ্বৰ হাজৰিকা স্মৃতি ন্যাস ‘বিয়লি’ৰ উদ্যোগত আজি ডিমেনচিয়াৰ এক স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায় । ন্যাসৰ নিজা প্ৰেক্ষাগৃহত আয়োজিত এই শিবিৰত ৩০ গৰাকী বয়োজ্যেষ্ঠ লোকে এই পৰীক্ষা কৰে । শিবিৰৰ আৰম্ভণিতে ডাক্তৰ অভেদ্য বুঢ়াগোঁহাই, ডাক্তৰ উপেন দত্ত আৰু ডাক্তৰ ছামিউল আখতাৰ বৰবৰাই ‘ডিমেনচিয়া’ৰ ওপৰত একোটিকৈ ভাষণ ৰাখি, বৰ্তমান অসমত অতি ভয়াৱহভাৱে বৃদ্ধি পোৱা ডিমেনচিয়া সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰি সকলোকে সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনায় । ইয়াৰ পিছতে ডাক্তৰ ছামিউল আখতাৰ বৰবৰাসহ দুগৰাগী ডিমেনচিয়াৰ বিশেষজ্ঞ আৰু দুগৰাকী নাৰ্চে স্বাস্থ্য কেন্দ্ৰটোত গোট খোৱা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে । পৰীক্ষাৰ অন্তত ৩ গৰাকী লোকৰ ডিমেনচিয়াৰ আৰম্ভণি প্ৰক্ৰিয়া ধৰা পৰে বুলি ঠাৱৰ কৰা হৈছে। তদুপৰি বিয়লিত আজিৰে পৰা Day Care Dementia কেন্দ্ৰটোও আৰম্ভ কৰা হৈছে । ইয়াত ডিমেনচিয়া হোৱা লোকসকলে দিনটো থাকি সংশ্লিষ্ট নাৰ্চ দুগৰাকীৰ পৰা আনুসংগিক শুশ্ৰুষা গ্ৰহণ কৰিব পাৰিব বুলি ডাক্তৰ ছামিউল আখতাৰ বৰবৰাই জানিবলৈ দিছে । উল্লেখযোগ্য যে ডিমেনচিয়াৰ পৰীক্ষা পুনৰ অহা মাহত অনুষ্ঠিত হ’ব। আচলতে বিয়লি’ত প্ৰতি মাহে এই পৰীক্ষা অনুষ্ঠিত হব। ইচ্ছুক প্ৰতিগৰাকী ব্যক্তিকে বিনামূলীয়া এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.