ধুবুৰী, ১২ অক্টোবৰ : অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৰূপে কাইলৈ আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে। গুৱাহাটীৰ আইআইটি চৌহদত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ চৰকাৰী অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ ‘ভাৰ্চুৱেল’ পদ্ধতিৰে ৰাজ্যৰ এই নৱতম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰিব। এই ভাৰ্চুৱেল উদ্বোধনী পৰ্বৰে সংগতি ৰাখি কাইলৈ দুপৰীয়া ধুবুৰী চিকিৎসা মহাবিদ্যালয় চৌহদতো এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খনৰ কাইলৈৰ আনুষ্ঠানিক উদ্বোধনৰ বাবে চলোৱা অন্তিম প্ৰস্তুতি পৰ্বৰ চাক্ষুষ বুজ লয়। ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন আৰু অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱন, শৈক্ষিক ভৱন আৰু চিকিৎসালয়ৰ লগতে চিকিৎসা মহাবিদ্যালয় চৌহদত কাইলৈ আয়োজিত ৰাজহুৱা সভাস্থলী পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ পাছতে মন্ত্ৰী মহন্তই চিকিৎসা মহাবিদ্যালয়খনৰ সভাকক্ষত ধুবুৰীৰ উপায়ুক্ত অনবামুথান এম পি, আৰক্ষী অধীক্ষক গৌৰব অভিজিত দিলীপ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ বৰ্মন, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ চৌধুৰী, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ডাঃ অংকুমণি শইকীয়া, ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ গুণজিত দাসৰ লগতে বিভাগীয় মূৰব্বী অধ্যাপক তথা চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। তদুপৰি, নতুন চিকিৎসা মহাবিদ্যালয়খনত অহা ১৫ নবেম্বৰৰ পৰা এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভতো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা শিক্ষা সঞ্চালক, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিভাগীয় মূৰব্বীসকলৰ লগত আলোচনা কৰে। উল্লেখ্য যে, কাইলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় চৌহদত আয়োজিত ৰাজহুৱা সভাখনত ৰাজ্য চৰকাৰৰ হৈ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক আৰু অতিৰিক্ত চিকিৎসা সঞ্চালকে অংশগ্ৰহণ কৰিব।