ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

ফেৰী ঘাটত যাত্ৰীৰ হাহাকাৰ

0 23
শতাব্দ প্ৰতিনিধি,মাজুলী,১৫ মে’: আজি কেইদিনমান ধৰি নেৰানেপেৰে বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক বাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ ১২ বজাৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। পুৱাৰ ভাগত কেইখনমান ফেৰী চলাচল কৰিছিল যদিও নিমাতী ঘাটত যাত্ৰীসকলৰ উঠা নমা কৰাৰ অসুবিধা আৰু ডাৱৰীয়া বতৰ নদীৰ বুকুত কুঁৱলী পৰা লগতে জলপৃষ্ঠ বৃদ্ধি হৈ থকাত দুৰ্ঘটনা হোৱাৰ আশংকা কৰিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব দিছে।পুৱাৰ ভাগত যিহেতু নিয়মীয়াকৈ ফেৰী চলি আছিল।জলপৃষ্ঠ বৃদ্ধি হৈ থকাত ফেৰী চলাচলত অসুবিধা হোৱাৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিয়লি ভাগত মাজুলীৰ পৰা আৰু নিমাতিৰ পৰা আহিব লগা সকলো ফেৰী বন্ধ কৰি দিয়ে।কমলাবাৰী -নিমাতী আৰু অফলামূখ- নিমাতীঘাটৰ সকলো ফেৰী পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত নিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত চলাচল কৰি থকা এই ফেৰী সেৱা হঠাৎ দিনৰ ১২ বজাত বন্ধ কৰি দিয়াত মাজুলীৰ পৰা বিভিন্ন কামত যোৰহাটৰ লগতে বিভিন্ন ঠাইলৈ যাব লগা আৰু যোৰহাটৰ পৰা মাজুলীলৈ আহি লগা যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়। কিয়নো মাজুলীৰ পৰা বা নিমাতী পৰা অতি সহজে কম সময়ৰ ভিতৰত ফেৰী যোগেদি যাতায়াত কৰিব পাৰি।বৰ্তমান ধেমাজি বগীবিল হৈ দক্ষিণ দিশৰ লগত যাতায়াতৰ সম্ভৱ হৈ উঠিছে যদিও সেই পথেৰে বহু সময়ৰ প্ৰয়োজন হয়,যাৰ বাবে মাজুলীৰ মানুহে দিনটো বিভিন্ন কাম কৰি একেদিনাই ঘূৰি অহাটো সম্ভৱ নহয়।এক প্ৰকাৰে নিমাতী -মাজুলী ফেৰী সেৱা বন্ধ হলে মাজুলীৰ ৰাইজ হাহাকাৰ হৈ উঠে।আনহাতে যাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি বগীবিল হৈ যাতায়াতৰ বাবে ব্যবস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
মন্তব্য দিয়ক

Your email address will not be published.