ব্ৰিটেইনে ঘূৰাই দিলে ৭টা লুট কৰা প্ৰাচীন সামগ্ৰী

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ আগষ্ট : ব্ৰিটিছ যুগত লুণ্ঠন কৰা বহু প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰি আহিছে। ১৯ আগষ্ট শুকুৰবাৰে গ্লাছগোত অনুষ্ঠিত এক অনুষ্ঠানত ব্ৰিটিছ সংগ্ৰহালয়সমূহত শোভা বঢ়োৱা ৭টা শিল্পকৰ্ম ভাৰতীয় প্ৰতিনিধিৰ হাতত অৰ্পণ কৰা হয়। শিল্পকৰ্মসমূহৰ ভিতৰত আছে এখন ভাৰত-পাৰ্চী তৰোৱাল আৰু এটা বহুমূলীয়া শিল। তৰোৱালখন চতুৰ্দশ শতিকাৰ বুলি ধাৰণা কৰা হৈছে। আৰু শিল দুটা বৰ্তমানৰ কানপুৰৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা বুলি দাবী কৰা হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত বিগত ১৮ মাহ ধৰি আলোচনা চলি আছিল শিল্পকৰ্মসমূহ হস্তান্তৰ কৰাক লৈ। ১৯ আগষ্টত ইয়াৰ কাম সম্পূৰ্ণ হয়। সূত্ৰ অনুসৰি গতাই দিয়া সাতটা সামগ্ৰীৰ ভিতৰত ৬টা সামগ্ৰী ১৯ শতিকাত ভাৰতৰ বিভিন্ন মন্দিৰৰ পৰা চুৰি হৈছিল। আনটো বস্তু চুৰি কৰি পুনৰ অবৈধভাৱে বিক্ৰী কৰিছিল। এই শিল্পকৰ্মবোৰ ইমান দিনে স্কটলেণ্ডৰ সংগ্ৰহালয়ত ৰখা হৈছিল। ভাৰতলৈ উভতাই আনিছে ‘গ্লাছগো লাইফ’ নামৰ এটা চেৰিটি সংস্থাই। সংস্থাটোৰ মুৰব্বী ডানকান ডৰ্নানে কয়— ‘’গ্লাছগো লাইফে ১৯৯৮ চনৰ পৰা অন্য দেশৰ পৰা চুৰি হোৱা শিল্পকলা নিজ নিজ দেশলৈ ঘূৰাই পঠোৱাৰ কাম কৰি আহিছে।’’ এই বছৰ তেওঁলোকৰ বেনিনৰ দুটা ব্ৰঞ্জ নাইজেৰিয়ালৈ ঘূৰাই পঠিওৱা হৈছে। ১৯ শতিকাত নাইজেৰিয়াৰ পৰা চুৰি হৈছিল বেনিনৰ ব্ৰঞ্জ দুটা। প্ৰসংগক্ৰমে বিগত বছৰতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ পৰা চুৰি কৰা বহু প্ৰাচীন সামগ্ৰী আমেৰিকাই ঘূৰাই দিছিল। প্ৰাচীন ভাৰতত বিভিন্ন সময়ত নিৰ্মিত মূৰ্তি, মাটি বা শিলৰ পাত্ৰ, আনকি প্ৰাচীন লিপিও বছৰ বছৰ ধৰি আমেৰিকালৈ চোৰাংভাৱে অনা হৈছিল। এনে ১৫৭ খন অমূল্য শিল্পকৰ্ম আমেৰিকা চৰকাৰে প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল। এইবাৰ ব্ৰিটেইনেও একে পথেই গ্ৰহণ কৰিলে।

মন্তব্য দিয়ক

Your email address will not be published.