শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ৯ মেঃ দেশৰ অন্যান্য অংশৰ লগতে বৰগোলাইতো কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰক জন্ম জয়ন্তীত স্মৰণ কৰা হয়।বৰগোলাই আদৰ্শ হিন্দী বিদ্যালয় প্রাংগনত ছাত্র নাট্য মঞ্চৰ উদ্যোগত কবি গুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ১৬১ তম জন্ম জয়ন্তী উদযান কৰা হৈছে | আজি কবিগুৰুৰ প্রতিছবিত মাল্যৰ্পণ, বন্তি প্রজ্বলনৰৰ পাছতে ছাত্র ছাত্রী সকলৰ মাজত চিত্রাঙ্কন প্রতিযোগিতা, আবৃত্তি প্রতিযোগিতা আয়োজন কৰা হয় | ৰাজ শেখৰ আম্বেদকাৰৰ পৰিচালনাত একলা চল’ৰে শীৰ্ষক এখন নাট ছাত্র ছাত্রী সকলে পৰিৱেশন কৰে | ছাত্র ছাত্রী সকলৰ মাজত কবিতা আবৃত্তি প্রতিযোগিতাও অনুষ্ঠিত হয় | ৰাজ শেখৰ আম্বেদকাৰ আঁত ধৰা সভাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি ৰাম প্রসাদ আম্বেদকাৰ, সাংবাদিক মিঠুন বৰুৱা , শিক্ষয়িত্রী শিখা দে, চবনম বসনেট, যুৱ সমাজ কৰ্মী কমলেশ ডুবে, বুদ্ধিনাথ প্রজাপতি, জয় প্রকাশ সিং, মাম্পী ভৌমিক আদি কেইবা গৰাকী বিশিষ্ট অতিথি উপস্থিত থকা অনুষ্ঠানত ৰবীন্দ্র নৃত্য, ৰবীন্দ্র সংগীত পৰিবেশনেৰে কেইবা গৰাকী শিল্পীয়ে কবি গুৰুক শ্রদ্ধা জনায়|