বৰপেটাত তেজপুৰ ইউনাইটেড আৰ্টিষ্টৰ “মুৰৰ সন্ধানত” সফল মঞ্চায়ন

0 0
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ “মুখা” বৰপেটাৰ ৰূপালী জয়ন্তীবৰ্ষ উপলক্ষে বৰপেটা জিলা পুথিভঁৰালত ১২ ফেব্ৰুৱাৰীত মঞ্চস্থ “মুৰৰ সন্ধান”ত নাটকত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক খ্যাতিৰে ৰাইজৰ মাজত পৰিচিত বৰ্ষীয়ান নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিৰ ৰচনা আৰু পৰিচালনাত, ইউনাইটেড আৰ্টিষ্ট তেজপুৰৰ দ্বাৰা নিবেদিত উক্ত নাটকত ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী চিমি গোস্বামীৰ লগতে তেজপুৰৰ জ্যেষ্ঠ অভিনেতা প্ৰদীপ শমা, ৰাজীৱ শৰ্মা, দিব্যজ্যোতি কোঁ‌চ(জোন), অবনি বৰা, উজ্জ্বল শইকীয়া, দেৱাশিস কৌশিক, ভাৰ্গৱ কলিতা বৰাই সাৱলীল অভিনয় কৰাৰ লগতে দিগন্ত কুমাৰ ভূঞাৰ আৱহ সংগীত আৰু পোহৰ পৰিকল্পনাৰে বৰপেটা বাসী নাট্যৰসিক ৰাইজক এঘণ্টা দহ মিনিট মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়। গোলাঘাত আৰু তেজপুৰৰ উপৰিও বৰপেটাত মঞ্চস্থ “মুৰৰ সন্ধানত” নাটকৰ শিল্পী কলাকুশলীক অভিনন্দন জনায়৷ এই আপাহতে ইউনাইটেড আৰ্টিষ্টৰ সম্পাদক ৰাতুল ডেকাই “মুখা” বৰপেটাৰ সমূহ কৰ্মকৰ্তা আৰু “মুখা”ৰ সম্পাদক তথা অভিনেতা নিৰ্মল দাসলৈও অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.