বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ 

লোকাৰণ্য উৎসৱ স্থলী

0 136

শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক’ টুৰিজিম ডেভেলপমেন্ট কমিটি, শিৱসাগৰ জিলা প্ৰশাসন, মিছিং স্বায়ত্তশাসিত পৰিষদ আৰু শিৱসাগৰ ৰাইজৰ সহযোগত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ২৯ ডিচেম্বৰলৈকে  দিচাংমুখৰ দিচাং নৈৰ পাৰৰ বলুকাত “দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ” অনুষ্ঠিত হৈছে।  আজি প্ৰথম দিনা আৰম্ভণিতে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱস্থলীক ড° ভূপেন হাজৰিকা-গণশিল্পী বিক্ৰম সিং য়েইন সমন্বয় ক্ষেত্ৰ হিচাবে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ৰত্নেশ্বৰ টায়ে। ইয়াৰ পাছত পতাকা উত্তোলন কৰে দিচাং-ব্ৰহ্মপুত্ৰ ইক’ টুৰিজিম ডেভেলপমেন্ট কমিটিৰ সভাপতি অমিৰঞ্জন পাংগিং আৰু কাৰ্যকৰী সভাপতি পদ্মকান্ত দাসে। বন্তি প্ৰজ্বলন কৰে দিচাং-ব্ৰহ্মপুত্ৰ ইক’ টুৰিজিম ডেভেলপমেন্ট কমিটিৰ সম্পাদক কুলপ্ৰসাদ শইকীয়া আৰু উদযাপন সমিতিৰ সম্পাদক দীনেশ পাংগিঙে। জনগোষ্ঠীয় খাদ্য সম্ভাৰ মুকলি কৰে শিৱসাগৰ পৌৰ সভাপতি মৃণালী কোঁৱৰে। মঞ্চ উদ্বোধন কৰে উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে। দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ উদ্বোধন কৰে বিধায়ক অখিল গগৈয়ে। মুকলি মঞ্চত আদৰণি ভাষণ দিয়ে উদযাপন সমিতিৰ সভাপতি পোনাৰাম মিলিয়ে। আজি প্ৰথম দিনাই লোকাৰণ্য হৈ পৰে উৎসৱ স্থলী।

মন্তব্য দিয়ক

Your email address will not be published.