শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ এজন প্ৰখ্যাত পদাৰ্থবিজ্ঞানী অধ্যাপক অজয় কুমাৰ সুদক ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক সুদ বৰ্তমান প্ৰধানমন্ত্ৰীৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন পৰিষদৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰি আছে। বেঙ্গালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ সন্মানীয় অধ্যাপক সুদে যোৱা চাৰিটা দশক কাল মৌলিক বিজ্ঞানৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে।