শতাব্দ শদিয়াৰ প্ৰতিবেদক, ১৬ মাৰ্চঃ নিবনুৱাৰ বাবে অতি নিৰাশাজনক খবৰ ৷ বছৰি কোটিৰ ঘৰত নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ আমোলত ভাৰতীয় ৰে’লৱেত তৃতীয় আৰু চতুৰ্থ বৰ্গত তিনি লক্ষাধিক পদ খালি হৈ ৰোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ প্ৰাপ্ত তথ্য মতে বিভাগটোত থকা ১৪,৮৭৩ টা গেজেটেড পদৰ ভিতৰত ২,৮৮৫ পদ খালি হৈ থকাৰ বিপৰিতে ১৪,৭৪,২৭১ টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৰ্থাৎ ন’ন গেজেটেড পদৰ ৩,১২,০৯৩ পদেই খালি হৈ আছে। এই তথ্য ভাৰতীয় ৰেল বিভাগে ২০২৩ বৰ্ষৰ ০৩ ফেব্ৰুৱাৰীত প্রকাশ কৰিছিল আৰু তথ্য প্ৰকাশৰ পাছত বিভাগটোত কোনো ধৰণৰ নিযুক্তি হোৱা নাই বুলি জানিব পৰা গৈছে ৷ এই কালচোৱাত বহু চাকৰিৰ পৰা অবসৰ লৈছে বা চাকৰি কালতে মৃত্যু ঘটিছে ৷ সেই সংখ্যা যোগ কৰিলে খালি পদৰ সংখ্যা আৰু বৃদ্ধি পাব ৷ যি সময়ত দেশৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে এটা চাকৰি লাভ কৰাৰ আশাত হাবুডুবু খাই আছে তেনে সময়তে এই খবৰে সকলোৰে ভবিষ্যৎ জীৱনলৈ চৰম অনিশ্চয়তা নমাই অনাটো স্বাভাবিক। কেন্দ্ৰীয় চৰকাৰৰ একেটা তথ্যতে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও এক হতাশ হব লগীয়া খবৰ প্রকাশ পাইছে। প্রকাশিত তথ্য অনুসৰি ভাৰতীয় ৰে’লৰ অন্যতম গুৰুত্বপূর্ণ সংমণ্ডল এন এফ ৰে’লৱে। বর্তমান এন এফ ৰেলৱেত ১,০৫১ টা গেজেটেড পদৰ ১৭২ টা পদ খালি হৈ থকাৰ সমান্তৰালভাবে তৃতীয় আৰু চতুর্থ বৰ্গৰ অৰ্থাৎ নন-গেজেটেড পদ ৭২,০৪৭ টাৰ ১৫,৯৮৫ টা পদ বছৰ বছৰ ধৰি খালি হৈ আছে। ফলত দহজনৰ কাম এজন কৰ্মচাৰীৰ ওপৰত বলপূর্বকভাবে জাপি দিয়া বুলি ৰেল শ্ৰমিকৰ মাজৰ পৰা সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে। উদাহৰণ স্বৰূপে ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেছনত ৪৪ টা পইন্টছ মেনৰ পদ আছে যদিও বর্তমান ২২ জন পইন্টছ মেনৰ দ্বাৰা ৰেল বিভাগে জোৰাটাপলি মাৰি কাম চলাই আছে। দুজনৰ কাম এজনক কৰিবলৈ বাধ্য কৰোৱাৰ ফলত ২০২৪ চনৰ ২৫ মে’ত হবিবুৰ আহমেদ নামৰ পইন্টছ মেনজনে প্রাণ আহুতি দিবলগা ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ কেন্দ্রীয় চৰকাৰৰ ভুল নীতি তথা খালি হৈ থকা লাখ লাখ পদত নিযুক্তি নিদিয়া বাবে বহু ৰে’ল শ্রমিকৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। ৰেল বিভাগে নতুন ৰে’লপথ স্থাপন কৰাৰ লগতে বন্দে ভাৰত সেৱাৰ দৰে অত্যাধুনিক ৰেল চলোৱাৰ ব্যৱস্থা কৰাৰ বিপৰীতে বিষয়া কৰ্মচাৰী নিয়োগ কৰাৰ সলনি কোনো পৰিস্থিতিতে নতুন পদ সৃষ্টি নকৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰি ৰখা বুলিহে জানিব পৰা গৈছে ৷