ভূমি অধিকাৰঃ অলপমান চিন্তা

0 38

হৰ্ষবৰ্দ্ধন

  • এন আৰ চিৰ সময়ত দেখিছিলোঁ যে আলি, হুছেইন আদি তথাকথিত “সন্দেহজনক” উপাধি হ’লে কৰ্তৃপক্ষই ব্যক্তিবিশেষক বেছ জোৰ-জুলুম কৰিছিল। পিছে এতিয়া জাতি, মাটি, ভেটি আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষাৰ ঠিকা লোৱা চৰকাৰ বাহাদুৰ বা ব্যৱস্থাই খিলঞ্জীয়াৰ সকলো অধিকাৰ পাকে-প্ৰকাৰে এনেকৈ চেপি-খুন্দি আনিছে যে স্থানীয় ব্যক্তি এজনে মাটি একঠা কিনিবলৈও দহবাৰ ভাবিব লগা অৱস্থা হৈছে!

          যি দেখিছোঁ অসমৰ গোটেই ৰাজনীতি এতিয়া মাটি আৰু মাটিৰ অধিকাৰ কেন্দ্ৰিক। দলসমূহে আনবোৰ বিষয়তকৈ এতিয়া ভূমিৰ প্ৰসংগটোত গুৰুত্ব আৰোপ কৰাটো বেছি জৰুৰী।
ঐতিহাসিকভাৱে চাবলৈ গ’লে বিষ্ণু ৰাভাই দ্বন্দ্বমূলক বস্তুবাদৰ আদৰ্শ গ্ৰহণ কৰি কৰ্মভূমি হিচাপে বাচি লৈছিল গাঁৱক। তেওঁ ধনী মহাজন-জমিদাৰ আদিৰ বিৰুদ্ধে প্ৰশ্ন তুলিছিল। বিপ্লৱ গঢ়ি তুলিছিল। কিন্তু ৰাইজৰ মাজত ৰাভাই আৰম্ভ কৰা ভূমি অধিকাৰ আন্দোলনে গা কৰি নুঠিল। অৱশ্যে যোৱা শতিকাৰ সত্তৰৰ দশকত সোণেশ্বৰ বৰাৰ নেতৃত্বত দৈয়াং-টেঙানিত ভূমি পট্টাৰ আন্দোলন এটাই গঢ় লৈ উঠিছিল। কামপুৰত একেসময়তে বিপ্লৱী কমিউনিষ্ট দলৰ লক্ষেশ্বৰ বৰা,গুণ কাকতি, অনিল বৰুৱা, অম্বৰ আলি, যজ্ঞেশ্বৰ লস্কৰ, সভাৰাম মজুমদাৰ আদিৰ নেতৃত্বত বালিচয়া ৰিজাৰ্ভত তদানীন্তন ৰাজহ মন্ত্ৰী লক্ষেশ্বৰ গোহাঁইৰ খেতি উচ্ছেদৰ বিৰুদ্ধে আন্দোলন গঢ় লৈ উঠিছিল। প্ৰমীলাত ভূস্বামীয়ে হত্যা কৰিছিল নৰেন চাংমাক। কামৰূপ, দৰং আদি অঞ্চলত এই আন্দোলনৰ জনপ্ৰিয়তা বাঢ়ি আহিছিল পিছে সোণেশ্বৰ বৰাই জনতা দলৰ মন্ত্ৰিত্ব লাভ কৰাৰ পাছত সেই আন্দোলনো স্তিমিত হৈ পৰিছিল। পাছত দৈয়াং-টেঙানিত উচ্ছেদৰ অত্যাচাৰ বাঢ়ি অহাত চি পি আই (এম এল)ৰ ভাস্কৰ নন্দী গ্ৰুপৰ খেতিয়ক সন্থাৰ উদ্যোগত আকৌ এক ভূমি আন্দোলনে গঢ় লয়, তাতেই সেই সময়ত চি পি আই (এম‌‌‌ এল)ৰ ছাত্ৰ নেতা অখিল গগৈয়ে আন্দোলনত অংশগ্ৰহণ কৰি তাক নেতৃত্ব প্ৰদান কৰে।
পিছলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম দিয়া হৈছিল। প্ৰস্তাৱনাত লিখা হৈছিল: “বিষ্ণু ৰাভাৰ আদৰ্শৰে নতুন ধৰণৰ গণতান্ত্ৰিক ব্যৱস্থাটো স্থাপনৰ হকে কৃষক সংগ্ৰামৰ যোগেদি গণশক্তি কায়েম কৰা লক্ষ্য আগত ৰাখি এক ঐক্যবদ্ধ আৰু ব্যাপক সংগ্ৰামৰ সিদ্ধান্ত লোৱা হয়। কোনো সংসদীয় ৰাজনৈতিক দলৰ সৈতে সংযুক্ত নোহোৱাকৈ সকলোবোৰ প্ৰগতিশীল গণতান্ত্ৰিক শক্তিৰ সৈতে ঐক্যবদ্ধভাৱে কৃষক অধিকাৰ সংগ্ৰামক আগুৱাই নিয়াৰ পোষকতা কৰা হয়”। তাৰ সংবিধানত লিখা হৈছিল: “অসমৰ ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ বিলোপ ঘটাই এখন জনস্বাৰ্থ ৰক্ষাকাৰী, গণতান্ত্ৰিক, দেশপ্ৰেমিক, জাতীয় প্ৰগতিশীল ভূমি আইন তৈয়াৰ কৰাৰ বাবে যুঁজ দিয়া”।
পিছে বাস্তৱত সেয়া দেখা গ’ল নে? সফল হ’লনে সেই আন্দোলন আৰু লক্ষ্য? কৃষকে পালে নে ভূমি অধিকাৰ?
গতিকে সাম্প্ৰতিক সময়ত মাটি, ভূমিৰ অধিকাৰ আদিৰ কথাবোৰ বেছ গুৰুত্বসহকাৰে আলোচনা কৰাৰ সময় আহি পৰিছে। কিছু বছৰ আগতে দেৱকান্ত সন্দিকৈৰ এটা লেখা পঢ়া মনত পৰে, বোধহয় তাৰ শিৰোনাম আছিল “সত্ৰক ইমান মাটি কেলেই লাগে?” সঁচাকৈয়ে ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। সত্ৰক ইমান মাটি কেলেই লাগে, তাৰ এক চৰজমিন তদন্ত জৰুৰী। লগতে এই দেৱোত্তৰ মাটিবোৰ এতিয়া কি অৱস্থাত আছে সিও চাবলগীয়া কথা, এইবোৰ কি কামত ব্যৱহৃত হৈছে? দেৱোত্তৰ মাটি পমুৱাই দখল কৰাৰ খবৰ প্ৰায়েই পাওঁ তাৰ বাবেও এইটো গমি চোৱাটো জৰুৰী যে পমুৱা মানুহখিনিৰ সৈতে তথাকথিত মূল অসমীয়া সমাজখনৰ ঐতিহাসিক সম্পৰ্কৰ আঁতডাল কেনে আছিল? অনামিকা বৰাৰ “অস্তিত্ব”, উমাকান্ত শৰ্মাৰ “কাজলীৰ ৰোগ” আদি উপন্যাসৰপৰা এই ঐতিহাসিক সম্পৰ্কৰ কিছু ৰূপৰেখা পাব পৰা যায়। পুৰণি তাম্ৰপত্ৰ, ফলি আদি চালে বুজা যায় যে আহোম ৰজাই গোস্বামী বা সত্ৰসমূহলৈ দিয়া মাটিবোৰত সম্পূৰ্ণ অধিকাৰ বা এক্তিয়াৰ কিম্বা দখল তেওঁলোকৰে থাকে। তেনেস্থলত ভূস্বামীয়ে অনুমতি নিদিলে তথাকথিত ‘বেদখল’বোৰ হ’বলৈ পায় কেনেকৈ?
সিদিনা এজন জ্যেষ্ঠ বন্ধুৰ সৈতে কথা পাতি আছিলোঁ। তেখেতে এতিয়া এখন স্কুল চলায়। স্থানীয় উপাধিৰ এজন স্থানীয় মানুহ। তেওঁ স্কুলখনৰ বাবে মাজতে অলপমান মাটি কিনিবলৈ মন কৰিলে। তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁক ৫২ চনৰ ট্ৰাইবেল বেল্টৰ কাগজ-পত্ৰ বিচাৰিলে। তেওঁ পিতৃ-পিতামহৰ দিনৰ যাৱতীয় পট্টা-কাগজ যোগাৰ দিয়াৰ পাছতো তেওঁক সেই কাগজ যে আচল তাক প্ৰমাণ কৰিবলৈ দি অনেক নাকনি-কাননি কৰিলে। এন আৰ চিৰ সময়ত দেখিছিলোঁ যে আলি, হুছেইন আদি তথাকথিত “সন্দেহজনক” উপাধি হ’লে কৰ্তৃপক্ষই ব্যক্তিবিশেষক বেছ জোৰ-জুলুম কৰিছিল। পিছে এতিয়া জাতি, মাটি, ভেটি আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষাৰ ঠিকা লোৱা চৰকাৰ বাহাদুৰ বা ব্যৱস্থাই খিলঞ্জীয়াৰ সকলো অধিকাৰ পাকে-প্ৰকাৰে এনেকৈ চেপি-খুন্দি আনিছে যে স্থানীয় ব্যক্তি এজনে মাটি একঠা কিনিবলৈও দহবাৰ ভাবিব লগা অৱস্থা হৈছে! পিছে দেশৰ দস্তুৰ সকলোৰে বাবে একেই নহয়। খেনোক দেখি ৰান্ধো-বাঢ়ো, খেনোক দেখি দুৱাৰ মাৰো হেন অৱস্থা। আজি আম্বানি, আদানী বা ৰামদেৱে মাটি একঠা কিনিবলৈ চৰকাৰৰ ঘৰত ট্ৰাইবেল বেল্টৰ কাগজ দিবলগীয়া হয় নে? যদি নহয় তেন্তে চাহিব-এ-মচনদ য়ে কাহাঁ কা ইনচাফ হুৱা!!

মন্তব্য দিয়ক

Your email address will not be published.