শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : মংগল গ্ৰহৰ বিষয়ে অধিক সবিশেষ জানিবলৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এইবাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। জানিব পৰা মতে, মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ শিল আৰু মাটিৰ নমুনা আনিবলৈ দুখন সৰু হেলিকপ্টাৰ প্ৰেৰণ কৰা হ’ব। মূলতঃ গ্ৰহটোলৈ পঠোৱা পাৰ্চেভাৰেন্স ৰভাৰৰ উন্নত প্ৰদৰ্শনৰ দ্বাৰা উৎসাহিত হৈ নাছাই এই অভিযানত অধিক জটিলতা যোগ কৰিবলৈ বিচাৰিছে। এই সন্দৰ্ভত ২৭ জুলাই বুধবাৰে ঘোষণা কৰা এক পৰিকল্পনাৰ অধীনত নাছাৰ ৰোভাৰে এতিয়া ডাবল ডিউটি কৰিব আৰু লগতে এই হেলিকপ্টাৰসমূহক মংগল গ্ৰহলৈ নমুনা পৰিবহণ কৰাত সহায় কৰিব। প্ৰায় এটা দশকৰ পাছত হেলিকপ্টাৰ পুনৰ পৃথিৱীলৈ অনা হ’ব বুলিও খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে ইতিমধ্যে পাৰ্চেভাৰেন্স ৰভাৰখনে ১১টা নমুনা সংগ্ৰহ কৰিছে। অৱশ্যে নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি ই পৰৱৰ্তী খনন কাৰ্য সম্পাদন কৰিব। এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰধান বিজ্ঞানী তথা মংগল অভিযানৰ সৈতে জড়িত মীনাক্ষী ৱাধৱাই কয় যে ৰোভাৰখনে মংগল গ্ৰহত প্ৰাচীন জীৱৰ সম্ভাৱ্য প্ৰমাণ বিচাৰিবলৈ পলসুৱা শিলৰ নমুনাও সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি তেওঁ লগতে কয় যে ইতিমধ্যে ৰোভাৰখনে বিভিন্ন ধৰণৰ সামগ্ৰী সংগ্ৰহ কৰিছে। গতিকে নাছা ইয়াক ঘূৰাই আনিবলৈ আগ্ৰহী। পাৰ্চেভাৰেন্স ৰভাৰখন কেনেবাকৈ বিকল হ’লেও নিয়োজিত মিনি হেলিকপ্টাৰবোৰে স্বয়ংক্ৰিয়ভাৱে নমুনাবোৰ লোড কৰিব। মন কৰিবলগীয়া যে এই হেলিকপ্টাৰখনত চকা আৰু গ্ৰিপ হেণ্ডো থাকিব। নাছাৰ মংগল গ্ৰহৰ নমুনা ঘূৰাই অনা কাৰ্যসূচীৰ সঞ্চালক জেফ গ্ৰামলিঙে কয় যে প্ৰতিখন হেলিকপ্টাৰত এটাকৈ নমুনা নলী তুলিব পৰাকৈ ডিজাইন কৰা হ’ব। তদুপৰি এই হেলিকপ্টাৰে পৃথিৱী আৰু মংগল গ্ৰহৰ মাজত কেইবাবাৰো ভ্ৰমণ কৰিব। তেওঁ লগতে কয় যে পাৰ্চেভাৰেন্স ৰভাৰৰ ওপৰত নিৰ্ভৰ কৰি নমুনা ঘূৰাই আনিব পাৰি। অৱশ্যে বেকআপ টুল হিচাপে হেলিকপ্টাৰ সংযোজন কৰা হৈছে। জনা গৈছে যে এই অভিযানত নাছাই ইউৰোপীয় মহাকাশ সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ওলাইছে।