শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ মণিপুৰত মহিলাৰ ওপৰত চলা পাশবিক অত্যাচাৰৰ প্ৰতিবাদত আজি তেজপুৰত আপে পোহৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে ।দলটোৰ তেজপুৰ জিলা সমিতিয়ে আজি নিশা তেজপুৰ চহৰৰ মাজ মজিয়াৰে মোবাইল ফোনৰ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি সমদল কৰি চলোৱা জঘন্য অত্যাচাৰৰ বিৰুদ্ধে মমবাতি জলাই সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিচাৰিছিল যদিও তেওঁলোকক মমবাতি জ্বলাবলৈ অনুমতি নিদিয়াৰ বাবে মোবাইল ফোনৰ ফ্লাছ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।