ময়ূৰ বৰাক ‘কথা বৈভৱ’ আৰু অজন্তাক ‘সাহিত্যজ্যোতি’ বটাঁ প্ৰদান

নতুন সুৰ প্ৰকাশন পৰিষদৰ বটাঁ প্ৰদান অনুষ্ঠান

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ উত্তৰ লখিমপুৰৰ প্রকাশন অনুষ্ঠান ‘নতুন সুৰ প্রকাশন পৰিষদ’-এ অসমীয়া সাহিত্য-সংস্কৃতি আৰু সংবাদ ক্ষেত্রলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তি বিশেষক ‘সাহিত্যজ্যোতি’ আৰু ‘কথা-বৈভৱ’ বঁটা ২০০৬ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে প্রদান কৰি আহিছে। পৰিষদে ২০২৫ বর্ষৰ ‘সাহিত্যজ্যোতি’ বঁটা বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ অজন্তাক আৰু ‘কথা-বৈভব’ বঁটা যুক্তিবাদী, মননশীল লেখক ময়ূৰ বৰাক আজি প্রদান কৰে। তদুপৰি উক্ত অনুষ্ঠানতে লখিমপুৰৰ এজন বিশিষ্ট সমাজসেৱক ধর্মেশ্বৰ গগৈকো ‘মঙ্গলবোধ জাগৰণ কেন্দ্ৰ’ৰ তৰফৰ পৰা সম্মান জনোৱা হয়। লখিমপুৰৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ কাৰ্যালয়ত সমাজকৰ্মী উদয় শংকৰ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত বটাঁ প্ৰাপক দুয়োগৰাকী ব্যক্তিকে গ্ৰন্থৰ টোপোলা, অংগবস্ত্ৰ, স্মাৰক, প্ৰশস্তি পত্ৰ, জাপি, শৰাই আদিৰে সম্বৰ্ধনা জনাই বটাঁ প্ৰদান কৰা হয়। বটাঁ গ্ৰহণ কৰি সভাত গল্পকাৰ অজন্তাই তেওঁৰ সাহিত্যিক যাত্ৰাত ভবেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞি, প্ৰদীপ বৰুৱা আদিয়ে কৰা সহায়ৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে। আনহাতে বটাঁ গ্ৰহণ কৰি ময়ূৰ বৰাই সুস্থভাবে, গণতান্ত্ৰিক চিন্তা চেতনাৰে বিষয় এটা কেনেদৰে সমালোচনা কৰিব পাৰি, মাতৃভাষাক কিদৰে বুকুত লৈ থাকিব পাৰি, সন্তানক ইংৰাজী মাধ্যমত পঢ়ালেও ঘৰুৱা পৰিৱেশত কেনেদৰে মাতৃভাষাৰ জ্ঞান দিব পাৰি আদি অসমীয়া ভাষা, সমাজ, সংস্কৃতি, সংঘাত, প্ৰত্যাহ্বান সন্দৰ্ভত নিজস্ব কথন শৈলীৰে ভাষণ প্ৰদান কৰে। বৰগীত পৰিৱেশনৰে আৰম্ভ হোৱা সভাত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে একাধিকজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। 

মন্তব্য দিয়ক

Your email address will not be published.