মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ উন্মোচন

0 95

ঢকুৱাখনা, ১ নৱেম্বৰঃ প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্ৰকৃতিলৈ ভাবুকি নামি আহিব। প্ৰকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা। মানুহৰ অবিহনে প্ৰকৃতিৰ বিশেষ কোনো অসুবিধা নহয় যদিও প্ৰকৃতিৰ অবিহনে মানুহ অস্তিত্বহীন। –এই মন্তব্য সুৰজিত বৰাৰ৷
ঢকুৱাখনাত আজি যুৱ-লেখক, অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ উন্মোচন কৰি তেখেতে এনেদৰে কয় । অনুষ্টুপীয়াকৈ আয়োজিত
অনুষ্ঠানটোত কৃষ্ণগোপাল ভূঞা, সুৰজিত বৰা, ৰণ্টু চেতিয়া, ধ্ৰুৱজ্যোতি চেতিয়া, ভাইমন ঠেঙাল, উন্মীলন বৰগোহাঁই, তৃষ্ণা পেগুকে আদি কৰি বহুকেইজন গণ্যমান্য বক্তি উপস্থিত থাকে।
লেখক দত্তই গ্ৰন্থখনৰ বিষয়বস্তু সম্পৰ্কে কয় যে – ‘মানুহৰ সজাগতা আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা সোঁৱৰি পৰিৱেশ সুৰক্ষাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ নকৰিলে মানুহৰ একমাত্ৰ বাসোপযোগী গ্ৰহটোত বাস কৰিব নোৱাৰা পৰিস্থিতি উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি। কেৱল দিৱসৰ নামত দিৱস আয়োজন কৰিলেই আমি পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰোঁ। গতিকে কাৰ্যকৰী শিক্ষাৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ চেতনা বিকাশ হ’লে পৰিৱেশ সুৰক্ষিত হ’ব। এইক্ষেত্ৰত মূল ভূমিকা ল’ব শিশুসকলেই। সেয়েহে গ্ৰন্থখন প্ৰণয়নৰ বেলিকা এই দিশসমূহ চকু দিয়া হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.