শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পূৰ্ণ ব্যক্তিগত পুঁজিৰে হিলভিউৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখৰ ইক’ পাৰ্কৰ লগতে স্থাপন কৰা অসমীয়া জাতি গঠনৰ বুনিয়াদ গঢ়োতা তথা অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ এটি পূৰ্ণাংগ মুৰ্ত্তি আজি আনুষ্ঠানিক ভাবে উদঘাটন কৰা হয়।মূৰ্তিটো মুকলি কৰে বিধায়ক ভাস্কৰ শৰ্মাই। টাই আহোম সকলৰ মাংগলিক অনুষ্ঠানৰে আৰম্ভ কৰা হয় উন্মোচনী অনুষ্ঠান । এই উপলক্ষে পবিত্র বৰগোহাঁই আৰু দিচেন টিপমীয়াৰ সম্পাদনাত প্রকাশিত চাওলুং চুকাফা নামৰ স্মৃতিগ্রন্থখনো উন্মোচন কৰে বিধায়ক গৰাকীয়ে।