মাৰ্ঘেৰিটাত সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান

0 33

মাৰ্ঘেৰিটা, ১৯ এপ্রিলঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্রাংগনত আজি সমন্বয় কল্যান যুৱ সন্থাৰ উদ্যোগত দিনজোৰা কায্যসূচীৰে ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। বিয়লি এক বজাৰ পৰা বিশিষ্ট কবি ড০ ৰণজিত দত্তৰ পৌৰােহিত্যত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে শীৰ্ষ জ্যোতি (প্রাঞ্জল) নেওগে। সভাত যুৱ সমাজকৰ্মী সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰ, জেষ্ঠ সাংবাদিক ৰাম প্রসাদ আম্বেদকাৰ, শিক্ষক অজিত সিং, সাংবাদিক সোনাৰাম কলিতা, মানস প্রতীম গগৈ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাতে সমাজৰ বিভিন্ন দিশত অৰিহনা যোগোৱা ডি বি সোণাৰ, দেৱজিত বৰুৱা, উমেশ বড়া, ববী হাজৰিকা আদি কেইহা গৰাকী ব্যক্তিক সংগঠনটোৰ সভাপতি লক্ষীকান্ত বড়া, উপসভাপতি বিজয় কলিতা, মাৰ্ঘেৰিটা কমিটিৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদক বিনোদ দাস আৰু যুৱ সন্থাটোৰ সাধাৰণ সম্পাদক শীৰ্ষজ্যোতি নেওগে চেলেং চাদৰ আৰু প্রশস্তি পত্রৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত কণ্ঠশিল্পী নিৰ্মালী মাহাৱে পৰিবেশন কৰা গীতে সকলোকে আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.