মিৰানা’ ছীল কৰিব নোৱাৰিলে তিনিচুকীয়াৰ প্ৰশাসনে

তিনিচুকীয়াত সৰ্বত্ৰ প্ৰতিক্ৰিয়া

0 15

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুন : অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে সুৰা মজুত ৰখাৰ অভিযোগত তিনিচুকীয়াৰ মাকুম পথস্থিত ‘দ্যা মিৰানা’ নামৰ অভিজাত হোটেলখন ছীল কৰাৰ নিৰ্দেশ দি মুখথেকেচা খালে জিলা প্ৰশাসনে । উল্লেখ্য যে দুদিন পূৰ্বে কাৰ্য্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাৰ নেতৃত্বত চলা এক আবকাৰী অভিযানত উক্ত হোটেলখনৰ পৰা অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা আৰু বীয়েৰ জব্দ কৰা হৈছিল । বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে হোটেলখনত এই বুজন পৰিমাণৰ সুৰা অবৈধভাৱে মজুত কৰি ৰখাৰ অভিযোগত তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশে দেওবাৰে হোটেলখন ছীল কৰাৰ আদেশ জাৰী কৰি সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাক তৎকালে এই নিৰ্দেশ কাৰ্য্যকৰী কৰাৰ নিৰ্দেশ দিয়ে । কিন্তু হোটেল কৰ্তৃপক্ষই ইতিমধ্যে আদালতৰ পৰা স্থগিতাদেশ লাভ কৰাত প্ৰশাসন এইক্ষেত্ৰত বিফল হয় । ইফালে প্ৰশাসনে হোটেলখন ছীল কৰিব নোৱাৰা প্ৰসংগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে । কিয়নো শনিবাৰৰ নিশা অবৈধ সুৰাৰ বিৰুদ্ধে হোটেলখনত অভিযান চলাৰ পাছত কালি দেওবাৰে অতিৰিক্ত জিলা দণ্ডাধীশে হোটেলখন ছীল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু দেওবাৰৰ দিনটোত প্ৰশাসনে হোটেলখন ছীল কৰাৰ পৰা বিৰত থাকে । আনহাতে আজিও বহু পলমকৈ দিনৰ প্ৰায় এক বজাতহে হোটেলখন ছীল কৰিবলৈ প্ৰশাসনৰ দল উপস্থিত হয় । কিন্তু আদালতৰ স্থগিতাদেশৰ বাবে ছীল কৰাত বিফল হয় । প্ৰশাসনে অভিজাত হোটেলখন ছীল কৰাৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত মাটিত অবৈধ নিৰ্মাণ কৰাৰ অভিযোগত মাকুম পথৰ অপু’চ নামৰ ৰেষ্টুৰেন্টখন উচ্ছেদৰ সময়ত প্ৰশাসনে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও মিৰানাৰ ক্ষেত্ৰত কিয় প্ৰশাসনে তৎকালে পদক্ষেপ গ্ৰহণ নকৰিলে সেয়া ৰহস্যজনক ।

মন্তব্য দিয়ক

Your email address will not be published.