মুকুল গোস্বামীৰ কাব্যগ্ৰন্থ ‘সময় নাছিলনে হাতত আই’ উন্মোচন

কবিতাত কেৱল আৱেগেই নহয় ভাৱো জড়িত হৈ থাকে।— ড° ভূপেন শইকীয়া

0 26

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ডিচেম্বৰ : “তেজপুৰ সাহিত্য সভাই কেইবাটাও দশক জুৰি গ্ৰন্থ উন্মোচনৰ এক পৰম্পৰাৰ সৃষ্টি কৰাৰ মাজতে আজি ইংৰাজী বৰ্ষ শেষৰ সময়খিনিত উপনীত হৈ এখন কাব্যগ্ৰন্হ উন্মোচন কৰিবলৈ পাই তেজপুৰ সাহিত্য সভাই আহ্লাদিত অনুভৱ কৰিছে। আধুনিক অসমীয়া কবিতাই ঊনবিংশ শতিকাৰ শেষৰ দশকত প্ৰাণ পাই উঠি বিংশ শতিকাৰ মধ্যভাগ পৰ্যন্ত এক বন্যা লাভ কৰিছে।”— আজি বিয়লি তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই মন্তব্য কৰে তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই। উল্লেখ্য যে তেজপুৰ সাহিত্য সভাৰ এগৰাকী জ্যেষ্ঠ সদস্য তথা তেজপুৰৰ সক্ৰিয় ৰাজহুৱা কৰ্মী মুকুল গোস্বামীয়ে বিভিন্ন সময়ত ৰচনা কৰা ডেৰকুৰি কবিতাৰ সংকলন ‘সময় নাছিলনে হাতত আই’ উন্মোচনী অনুষ্ঠানৰ প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই আৰু কয়— “ৰোমান্টিক কবিতাৰ মাজেৰে কবি মুকুল গোস্বামীৰ ব্যক্তিগত প্ৰেম জাগতিক প্ৰেমলৈ প্ৰসাৰিত হৈছে।” তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত কাব্যগ্ৰন্থখন উন্মোচন কৰি তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট ঔপন্যাসিক, প্ৰাবন্ধিক ড° ভূপেন শইকীয়াই সত্তৰোৰ্ধৰ এগৰাকী ব্যক্তিয়ে ৰোমান্টিক কবিতাৰ সৃষ্টি কৰি যোৱাৰ আঁৰত ব্যক্তিগৰাকীৰ অনুভূতিঘন মনৰ পৰিচয় দিয়াৰ লগতে ৰোমান্টিক কবিতাৰ মাজেৰে প্ৰবাহিত মানৱীয় প্ৰেমৰ অমলিন চেতনা পৰিস্ফূট হৈছে বুলি মন্তব্য কৰে। ড° শইকীয়াই আৰু কয়— “কবিতাত কেৱল আবেগেই নহয় ভাবো সম্পৃক্ত হৈ থাকে। মুকুল গোস্বামীৰ প্ৰেমৰ কবিতাৰ মাজেৰে কবিগৰাকীৰ সমাজ সচেতনতা, মানৱীয় প্ৰমূল্যবোধ প্ৰোজ্বল হৈ উঠিছে।” অনুষ্ঠানটোত নিজৰ অনুভৱ সদৰী কৰি মুকুল গোস্বামীয়ে “কবিতাই মোক নৱজীৱন প্ৰদান কৰিছে” বুলি মন্তব্য কৰি টেনিচনৰ Charge of the light brigadeৰ দৰে আধুনিক কবিতাৰ প্ৰভাৱৰ কথা উল্লেখ কৰি তেনে কবিতাৰ দ্বাৰা প্ৰভাবিত হ’লেও নিজে স্বকীয় শৈলীৰ কবিতা চৰ্চাৰ প্ৰয়াস কৰি গৈছে বুলি মন্তব্য কৰে।

অনুষ্ঠানটোত মুকুল গোস্বামীৰ সৃষ্টিশীলতাক প্ৰতিটো মুহূৰ্ততে উদ্বুদ্ধ কৰি অহা সাংবাদিক, লেখক অৰূপ কলিতাই চমু ভাষণত কয়— “মুকুল গোস্বামীক আমি প্ৰথমে এগৰাকী শক্তিশালী প্ৰাবন্ধিক হিচাপেহে চিনি পাওঁ। তেখেতৰ কবিতাসমূহ এনেদৰে সংঘবদ্ধ কৰাৰ সমান্তৰালভাৱে বিভিন্ন দিশ আলোকিত কৰা প্ৰবন্ধসমূহ সংকলিত কৰাৰ প্ৰয়োজন আছে।” চমু ভাষণত সাংবাদিক কলিতাই নিকামূল সত্ৰত ডাঙৰ হোৱা মুকুল গোস্বামীক সত্ৰখনক মুখ্য কৰি লৈ অসমৰ সত্ৰ সংস্কৃতি আলোকিত কৰা এখন গ্ৰন্থ ৰচনা কৰিবলৈ মুকলি আহ্বান জনায়। একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ৰমেশ চন্দ্ৰ কলিতাই ভাষণ প্ৰদান কৰি কবিতা ৰচনা কৰিবলৈ এটি সৃষ্টিশীল মনৰ প্ৰয়োজন আৰু এনে শক্তিশালী সৃষ্টিশীলতা সকলোৰে মাজত নাথাকে বুলি মন্তব্য কৰি মুকুল গোস্বামী এগৰাকী শক্তিশালী সৃষ্টি চেতনাৰ ব্যক্তি বুলি মন্তব্য কৰে। আজি উন্মোচিত কাব্যপুথি তেখেতৰ অনুভূতিপ্ৰবন মনৰ পৰিচায়ক বুলিও কয় কলিতাই। আনহাতে অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক তথা এগৰাকী নিয়মীয়া প্ৰাবন্ধিক নবীন চন্দ্ৰ লহকৰে ভাষণত মুকুল গোস্বামীৰ কবিতাৰ স্বত:স্ফূৰ্ত আবেদনে তেওঁক সন্মোহিত কৰিছে বুলি কৈ তেওঁৰ ৰোমান্টিকধৰ্মী চিত্ৰকল্পঘন কবিতাৰ মাজেৰে সমাজ জীৱন বাস্তৱ ছবি চিত্ৰায়িত হৈছে বুলি মন্তব্য কৰে।উল্লেখ্য যে, অনুষ্ঠানটোত তেজপুৰৰ সু-আবৃত্তিকাৰ বিকাশজ্যোতি কলিতাই কাব্যগ্ৰন্থখনৰ এটি কবিতা আবৃত্তি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.