মুক্তামণি ভূমিফুকন
বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজন একালৰ এজন দক্ষ শিক্ষামন্ত্ৰী। তেখেতে শিক্ষা বিভাগটোৰ ওপৰত কৰা বক্তব্যটো উলাই কৰিব নোৱাৰি। নিশ্চিতভাৱে তেখেতে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ বুজি পাইছে যাৰ পৰিপ্ৰেক্ষিতত এনে ভৱিষ্যদ্বাণী কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। “চৰকাৰী বিদ্যালয়সমূহ ১০ বছৰৰ পিছত হয়তো বন্ধ হৈ যাব।” ৰাজ্যৰ মুৰব্বীজনৰ এনে হতাশজনক বক্তব্যই আচলতে কি সূচাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত দক্ষ বুলি সকলোৱে স্বীকাৰ কৰে।এজন দক্ষ ৰাজনীতিকৰ মুখৰ বক্তব্যই সেইসকলক প্ৰভাৱিত কৰিব লাগিছিল যিসকলে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰোৱাইছে। বিনামূলীয়া কিতাপ, কাপোৰ পুষ্টিকৰ খাদ্য ইমানবোৰ ৰাজকোষৰ ধন তেনেহলে চৰকাৰখনে বহন কৰি থকাৰ অৰ্থই ক’ত যদিহে বিদ্যালয়সমূহৰ পৰা ইতিবাচক একোৱেই আশা কৰিব নোৱাৰি?
চৰকাৰী স্কুলৰ দুৰৱস্থা বা পয়ালগা অৱস্থাৰ বাবে জগৰীয়া কোন? কিয় লাগে তেনেহলে শিক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ? মন্ৰী, আমোলা-বিষয়াৰ নামত কোটি কোটি ধন বিনষ্ট কৰাৰ প্ৰয়োজন ক’ত? । বিভাগহীনভাৱে আগবাঢ়িও ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে কিয় বা কেনেকৈ চৰকাৰী খণ্ডক প্ৰত্যাহ্বান জনাব পাৰিছে? একেবোৰ শিক্ষককে যেতিয়া চৰকাৰী খণ্ডত দায়িত্ব দিয়া হয় তেতিয়া কিয় তেওঁলোকে ব্যক্তিগত খণ্ডক প্ৰত্যাহ্বান জনাব নোৱাৰে? প্ৰশ্ন অলেখ আহিব পাৰে। প্ৰশ্নৰ বাবে প্ৰশ্ন নকৰি মনলৈ অহা দুটামান কথা আগবঢ়াব খুজিছোঁ।
ৰাজ্যত এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতিযোগিতা চলিছে, চলিছে ডিমাণ্ড।মানব সম্পদ গঢ়াৰ নামত নম্বৰৰ প্ৰতিযোগিতা চলিছে। কিন্তু মানুহ গঢ়াৰ প্ৰতিযোগিতা এতিয়াও চলা নাই। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা সৰহ নম্বৰ পোৱা অলেখ ছাত্ৰ ছাত্ৰী প্ৰতিবছৰে আমি পাইছো। তেনে ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অনেকেই দেশ-বিদেশৰ চৰকাৰী-বেচৰকাৰী খণ্ডত প্ৰতিষ্ঠিত হৈ স্বচ্ছল জীৱন অতিবাহিত কৰিছে। কিন্তু দেশ জাতি মাটিৰ সেৱকসকলৰ বেছিভাগ কিন্তু ওলাই আহিছে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰাই।
কিয় অভিভাৱসকলে বিচাৰে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাবলৈ? এই কথাটোৰ বিশ্লেষণ কৰিব লাগে ৰাজ্যৰ শিক্ষা বিভাগটোৱে।ঘোচ খাই বিলত চহী কৰা শিক্ষা বিষয়া বহু দেখিছো। বিদ্যালয়লৈ আৱণ্টিত হোৱা ধনৰ পৰা কমিচন খোৱা বিষয়াও লগ পাইছো। সোঁৱে বাঁৱে চহী কৰি ভূৱা তথ্য প্ৰদান কৰা বহু শিক্ষককো লগ পাইছো, কিন্তু খুব কম সংখ্যক শিক্ষক লগ পাইছো যি বিদ্যালয়খনক নিজৰ ঘৰ আৰু ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সন্তানৰূপে জ্ঞান কৰে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰ হ’ল একো একোটা ব্যৱসায়িক কেন্দ্ৰ।ব্যৱসায়ত মালিকে সদায় সৰহ গ্ৰাহকৰ কামনা কৰে। তেনে মালিকসকলৰ তলত কাম কৰা শিক্ষকসকলৰ প্ৰথম দায়িত্ব হ’ল নিজৰ মালিকৰ বিশ্বাসভাজন হোৱা ।কাৰণ মালিক বিতুষ্ট হলে চাকৰিৰ টনাটনি হোৱাটো নিশ্চিত। গতিকে মালিকে বিচৰা ধৰণে কৰ্মচাৰী চলিব লাগে।সময়নুৱৰ্তিতা , অধ্যয়ন, পাঠদান ক’তো যাতে ত্ৰুটি নৰয় তাৰ প্ৰতি সেইসকলশিক্ষক সদায় সচেতন। আনহাতে চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষকজন নিজেই মালিক। (সকলো শিক্ষকৰ কথা কোৱা নাই, একাংশ তেনে মানসিকতাৰ শিক্ষক)। অনীতি দুৰ্নীতি ঢাকিবলৈ টকাৰ বোজা এটা ৰাখিলেই হ’ল। কোনোমতে সময় পাৰ কৰি ঘৰলৈ গৈ ব্যক্তিগত কামত মনোনিৱেশ কৰাৰ পৰিকল্পনা প্ৰায়সকলৰ থাকে। তেওঁলোকে দায়িত্বহে পালনহে কৰে।
চৰকাৰী বিদ্যালয়ক দুৰৱস্থাৰ পৰা পৰিত্ৰাণ দিবলৈকে সৰ্বশিক্ষাক দায়িত্ব প্ৰদান কৰা হৈছিল।প্ৰথম অৱস্থাত এনে লাগিছিল যে শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন কৰি সৰ্বশিক্ষাই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ৰাইজক আকৃষ্ট কৰিব।ক’তযে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হ’ল তাৰ সীমা নাই। অথচ নীতি নিয়ম ধোৱাচাঙত উঠিবলৈ লাগিল কত পৰ।ঘৰত বহি যেতিয়া চি আৰ চিয়ে ৰিপৰ্ট প্ৰস্তুত কৰে আৰু সেইখিনিকে অফিচত জমা দি ফিল্ড ৱৰ্কৰ তথ্য দিয়ে তাৰ সত্যাসত্য প্ৰমাণৰ ব্যৱস্থা অফিছে লয় নে? বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত কি চলে সেয়া সকলোৰেই জ্ঞাত।ঘোচবিহীনভাৱে এখন টেবুলৰ ফাইল আন এখনলৈ নেযায়।কেৰেণীৰ পৰা অফিচাৰলৈ চহী এটাৰ বাবে দিব লগা হয় উৎকোচ। নহ’লে এদিনৰ কাম ছমাহলৈ পৰি থাকক কাৰো আপত্তি নাই।
যদি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি মানুহৰ মোহভংগ হৈছে তাৰ বাবে প্ৰথম দায়ী ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগটো।বিভাগে হুকুম দিয়েই দায় সাৰিলে নহ’ব ।প্ৰতিটো নিৰ্দেশ পুংখানুপুংখভাৱে পালন হৈছে নে নাই তাৰ তদন্ত কৰিব লাগিব। দায়িত্বশীল প্ৰতিজন কৰ্মচাৰী, বিষয়াক নিজৰ কাম নিস্বাৰ্থভাৱে কৰোৱাবলৈ ব্যৱস্থা লব লাগিব। গুণগত শিক্ষাৰ প্ৰতি শিক্ষকক দায়ৱদ্ধ কৰিব লাগিব । নীতি উলংঘাকাৰী বিদ্যালয়ৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব লাগিব।ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে অতিৰিক্ত চোৱাংচোৱা নিয়োগ কৰি শুদ্ধ তথ্য উলিয়াবলৈ চেষ্টা কৰিব লাগিব। কিন্তু পৰিৱৰ্তে আমি দেখিছো কি? পৰীক্ষাৰ আগতেই ফাদিল হয় প্ৰশ্ন কাকত।নিৰ্লজ্জ কাৰবাৰ নহয়নে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু ইংগিত পাইছেই গতিকে তেওঁৰ কাৰ্যকালতেই শিক্ষা বিভাগটটোক হৃত জনপ্ৰিয়তা উদ্ধাৰ কৰিবলৈ বাধ্য কৰিব লাগে। প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ প্ৰতি কঠোৰ সকীয়নি প্ৰদান কৰি প্ৰতিটো শিক্ষাখণ্ডৰ মাজতে এক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰিব লাগে। নহ’লে সময়ে হাঁহিয়তাৰ পাত্ৰ কৰিব ৰাজ্যৰ শিক্ষা বিভাগৰ লগতে আগতীয়াকৈ উমান পায়ো একো কৰিব নোৱাৰা মুখ্যমন্ত্ৰীজনকেই। আমি সাধাৰণ মানুহ ,আমি কেতিয়াও কামনা নকৰো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ এনে হতাশজনক উক্তি।মন কৰিলে ছন …। হিমন্ত বিশ্ব শৰ্মাই উদ্যোগ লওক ,শিক্ষা-ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ।আমি তেওঁৰ মুখৰপৰা ৰজাৰ দৰে শুনিব বিচাৰো –
” আৰু দহবছৰৰ পিছত ৰাজ্যত বন্ধ হৈ পৰিব সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়।”
![]() |
ReplyForward
|