শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মে’ : ৰূপ আৰু গুণৰ ভিতৰত সঁচাকৈয়ে কিবা সম্পর্ক আছেনে নাই, এই লৈ বিতর্কৰ অন্ত নাই। সেই বিতর্কত এইবাৰ ঘিউ ঢালিব পাৰে অষ্ট্ৰেলিয়াৰ এক গৱেষণাই। অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত দাবী কৰা হৈছে যে, দীঘল মুখৰ মানুহক বেছি আগ্রাসী বুলি ভাবিব পাৰি বৃত্তাকাৰ মুখৰ মানুহৰ তুলনাত। ‘ৰয়েল ছচাইটি অপেন ছায়েন্স’ নামৰ বিজ্ঞান পত্রিকাত প্রকাশিত এই গৱেষণাপত্রৰ বাবে তিনি বছৰৰ পৰা ৯৭ বছৰ বয়সৰ মুঠ ১৭৬০৭ জনৰ মুখৰ দীঘ-প্রস্থৰ মাপ লৈছিল গৱেষকসকলে। সেই মাপৰ পৰা এক বিশেষ অনুপাতৰ তুলনামূলক বিশ্লেষণ কৰিছে তেওঁলোকে। এই অনুপাত যিমান বেছি, সিমানেই চতুৰ্কোণীয় সংশ্লিষ্ট ব্যক্তিৰ মুখ। গোটেই গৱেষণাটোত দেখা গৈছে যে, ২৭ বছৰৰ পৰা ৪০ বছৰৰ মানুহৰ ক্ষেত্রত পুৰুষৰ মুখ নাৰীৰ তুলনাত বেছি গোলাকাৰ হয়। কিন্তু চল্লিছৰ পিছত ওলোটা হৈ যায় ছবিখন। চল্লিছৰ পিছত নাৰীৰ মুখ অধিক চতুৰ্কোণীয় হৈ যায়। পৰৱর্তী ঢাপত গৱেষণাত অংশগ্রহণকাৰী ব্যক্তিসকলৰ একাংশৰ পৰা জানিব বিচৰা হৈছিল যে, কেনে ধৰণৰ মানুহৰ মুখ দেখিবলৈ বেছি আগ্রাসী বুলি ভাবে? অধিকাংশই জনায় যে চতুৰ্কোণীয় মুখৰ মানুহবোৰ বেছি আগ্রাসী বুলি ধাৰণা কৰে তেওঁলোকে। অৱশ্যে ঠিক কিয় এনে হয়, সেই নিশ্চিত নহয় গৱেষকসকল। তেওঁলোকৰ প্রাথমিক ধাৰণা— প্রথাগতভাৱে যিহেতু যুৱকসকলৰ লগত পৌৰুষত্ব আৰু আগ্রাসনৰ ধাৰণা মিহলাই দিয়া হয়, সেই কাৰণেই হয়তো হয় এনে ধাৰণা। কিন্তু বাস্তৱত বিষয়টো সত্য নে অসত্য তাৰ কোনো নিশ্চয়তা নাই।
শতাব্দৰ সকলো লিখনিয়েই উন্নতমানৰ তথ্যসম্বলিত জ্ঞানবৰ্দ্ধক দলিল ৷সম্পাদক আৰু লিখক সকলে যথেষ্ট কষ্টেৰে পঢ়ুৱৈ সমাজলৈ ইতিবাচক বাৰ্তাৰে শতাব্দক পঢ়ুৱৈ সমাজলৈ আগবঢ়াই নিচে। শতাব্দ সুৰুচিপূৰ্ন দীৰ্ঘস্থায়ী হওক ৷
লগতে কৃষি ও পশুপালন ক্ষেত্ৰখনত আমাৰ ৰাজ্যখনৰ কৃষকক স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন কৰিব পৰা তথ্যপূৰ্ণ লিখনিৰ ওপৰত সম্পাদনা বিভাগে গুৰুত্ব দিলে ভাল হব ৷