মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত টাইপাৰ বিক্ষোভ

0 17
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মেঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে খাদ্য সামগ্ৰীৰ লগতে ইন্ধন আৰু অন্যান্য সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণৰ জনসাধাৰণক জুৰুলা কৰি পেলাইছে। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদে মূৰ দাঙি উঠিছে। আজি তিনিচুকীয়াৰ থানা চাৰিআলিত টাইপাই মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.