মেৰমুখত বৌদ্ধিক বিকাশ কৰ্মশালা

বাৰেচহৰীয়া উন্নয়ন সভাৰ আদৰণীয় পদক্ষেপ

0 107

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,১আগষ্ট: নাৰায়ণপুৰৰ দক্ষিণাঞ্চলৰ বানেধোৱা মেৰমুখৰ দক্ষিণ নাৰায়ণপুৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ ৰঙ্গমঞ্চত পষেকজোৰা কাৰ্যক্ৰমণিকাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক বিকাশৰ উদ্দেশ্য ৰাখি আয়োজন কৰা বৌদ্ধিক বিকাশ কৰ্মশালাখনি যোৱা ৩১জুলাইত সামৰণি পৰে। মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ সাহিত্য আৰু কৃষ্টি উপ-সমিতিৰ উদ্যোগত যোৱা ১৬ জুনত শুভাৰম্ভ হোৱা সাহিত্য আৰু সাংস্কৃতিক কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহপুৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° চিত্ৰলেখা ফুকন, প্ৰাক্তন বিষয় শিক্ষক উপেন বৰুৱা, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতি শিক্ষক প্ৰশান্তজ্যোতি বৰুৱা, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অনন্ত গগৈ , নাট্য প্ৰশিক্ষক দুৰ্লভ নাৰায়ণ বিৰ্দ্যাথী ,মনোজ বৰা আদিয়ে। আনহাতে স্থানীয় প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় ক্ৰমে যোগেন ফুকন, বীৰেন চেতিয়া, হৰকান্ত গগৈ, নিতুল ফুকন, পঙ্কজ ফুকন, মুকুন্দ মুৰাৰী চেতিয়া, অঞ্জন কুমাৰ ফুকন, সুনিতা শইকীয়া, নিভাৰাণী চেতিয়া, ছফিকুল ৰহমান , সুজিত ফুকন অৱসৰী প্ৰধান শিক্ষয়িত্ৰী ৰীণা প্ৰভা চেতিয়া আদিয়ে। কৰ্মশালালানি সৰ্বাত্মক ফলপ্ৰসুতাৰ বাবে বাৰেচহৰীয়া উন্নয়ন সভাৰ সভাপতি মিনেশ্বৰ গগৈ, বাৰেডাঙৰীয়া ফণীধৰ বৰা, মুখ্য সংগঠক তথা সম্পাদক ৰিতুমণি ফুকন,মুখ্য তত্বাৱধায়িকা নিভাৰাণী চেতিয়া, প্ৰচাৰ সম্পাদক অনিল গগৈ, কাৰ্যবাহী সদস্য প্ৰদীপ শইকীয়া, কৃষ্টি সম্পাদক ৰঞ্জন বৰা, সাহিত্য শাখাৰ সম্পাদক সৌৰভ গগৈ, উপদেষ্টা যোগেন গগৈ আদিয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায়।শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালালানিৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকৃত হোৱা বুলি অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অৱগত কৰিছে। উল্লেখ্য যে উদ্যোক্তা সকলে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী লোকক সহযোগী কৰি ছাত্ৰ ছাত্ৰীক সমদৃষ্টিৰে আগবঢ়াই নিয়াৰ মহাপ্ৰয়াসেৰে স্বৰ্গদেউ চাও-ল্যুং-চ্যুকাফাৰ মহান আদৰ্শ আৰু উদাৰতাক পুনৰবাৰ স্মৰণ কৰিলে বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.