যুদ্ধ জাহাজৰ নেতৃত্বত প্ৰথমবাৰলৈ এজন অৰুণাচলী যুৱক
ইটানগৰ, ১ জুলাইঃ ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজক এইবাৰ নেতৃত্ব দিব এজন অৰুণাচলী যুৱকে। যুদ্ধ জাহাজক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ প্ৰথমজন বিষয়া হিচাপে পৰিগণিত হৈছে ৰনি চৌপু। শনিবাৰে এক আনুষ্ঠানিক বিবৃতিত এই খবৰ প্ৰকাশ পাইছে। অৰুণাচলৰ নামচাই জিলাৰ সন্তান ৰনিৰ এই গুৰুত্বপূৰ্ণ যোগদানে অৰুণাচল প্ৰদেশৰ যুৱ সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।কমাণ্ডাৰ ৰনি চৌপুয়ে ভাৰতীয় নৌ সেনাৰ ইষ্টাৰ্ণ ফ্লীটত ফ্ৰণ্টলাইন হিচাপে নেতৃত্ব দিব। তেওঁৰ এই নিযুক্তিয়ে সমগ্ৰ ৰাজ্যখনৰ বাবে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱাৰ লগতে অৰুণাচলৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা হৈ ৰব। ভাৰতীয় নৌসেনাৰ প্ৰথম প্ৰজন্মৰ বিষয়া কমাণ্ডাৰ চৌপুয়ে ২০০৮ চনত নৌসেনাৰ কাৰ্যবাহী শাখাত নিযুক্তি লাভ কৰিছিল।সংযোগ আৰু ইলেক্ট্ৰনিক যুদ্ধৰ বিশেষজ্ঞ হিচাপে তেওঁ গাইডেড মিছাইল ধ্বংসকাৰী আৰু ফ্ৰিগেটকে ধৰি বিভিন্ন ফ্ৰণ্টলাইন যুদ্ধজাহাজত সেৱা আগবঢ়াইছে বুলি বিবৃতিটোত প্ৰকাশ।
উল্লেখ্য যে তেওঁৰ বিগত সময়ছোৱাৰ কৰ্মক্ষেত্ৰত নৌসেনাৰ মুখ্য কাৰ্যালয়, বহৰৰ মুখ্য কাৰ্যালয় আৰু অন্যান্য কৌশলগত প্ৰতিষ্ঠানসমূহত মূল কাৰ্য্যকৰী আৰু কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াইছিল। ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় (আৰ আই এম চি) ডেৰাডুন, আৰু প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (এন ডি এ) খাডাকৱাছলাৰ প্ৰাক্তন ছাত্ৰ কমাণ্ডাৰ চৌপুৰ পেছাদাৰী যাত্ৰাই দৃঢ়তা আৰু উৎকৃষ্টতাক প্ৰতিফলিত কৰি আহিছে। “সূৰ্য উঠা দেশ’ৰ পৰা ভাৰতীয় নৌসেনাৰ পূব বহৰত যুদ্ধজাহাজৰ কমাণ্ডাৰ হিচাপে ৰনিৰ উত্থান অধ্যৱসায় আৰু দায়বদ্ধতাৰ অন্যতম উদাহৰণ
