শতাব্দ প্ৰতিনিধি, যোৰহাট, ৫ মে : মাৰোৱাৰী যুব মঞ্চৰ যোৰহাট শাখাৰ পৃষ্ঠপোষকতাত যোৰহাট প্ৰগতি আৰু যোৰহাট গ্ৰেটাৰৰ সহযোগত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেছনৰ উদ্যোগত ২০-২২ মেত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ অনুষ্ঠিত হব। যোৰহাট ডিচিবি ৰোডৰ মাৰোৱাৰী চেৰিটেবল ট্ৰাষ্টত দিনৰ ১০.০০ বজাৰ পৰা ৪.০০ বজালৈ এই কাৰ্যসূচী অব্যাহত থাকিব। ইচ্ছুক লোকে ১৫ মেৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ আয়োজক সমিতিয়ে জনাইছে। সবিশেষ জানিবৰ বাবে ৮৪৮৬৭৯৪৪৮৫, ৮৪৭৪০১১৪২১নম্বৰত যোগাযোগ কৰিব পাৰিব