যোৰহাট, ২৬ জানুৱাৰীঃ দেশৰ ভিন্ন প্ৰান্তৰৰ লগতে বিগত বছৰৰ দৰে এইবাৰো যোৰহাট অ’ এন জি চিৰ চিনামৰাস্থিত কাৰ্যালয়ৰ চৌহদত উলহ- মালহেৰে ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হয়৷ যোৰহাট পৰিসম্পত্তি প্ৰৱন্ধক অজয় কাঞ্চালৰ উপস্থিতিত অসম আৰু অসম আৰাকান বেচিনৰ কাৰ্য্যকৰী সঞ্চালক , বেচিন প্ৰৱন্ধক তৰুণ কুমাৰ মাঠুৰীয়াই জাতীয় পতাকা উত্তোলন কৰে৷ ছাত্ৰ-ছাত্ৰী, হ’মগাৰ্ড, চি আই এছ এফ আৰু এ পি বি এনৰ সুন্দৰ মাৰ্চপাষ্টৰ লগতে গাৰ্ড অৱ অনাৰ আৰু শুভেচ্ছামূলক বক্তব্যৰ পাছতে কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দেশপ্ৰেমমূলক সমবেত সংগীতেৰে অনুষ্ঠান আৰম্ভ হয়৷
মহিলা সমিতি আৰু শিশু, ছাত্ৰ-ছাত্ৰীৰ পৰিবেশনৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা দলৰ এক আকৰ্ষণীয় সুৰক্ষা সম্পৰ্কীয় সজাগতামূলক তথ্য উপস্থাপন সকলো দৰ্শকে প্ৰত্যক্ষ কৰে৷
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা
