যোৰহাটৰ ATM ৰ ওপৰত এক লাখ টকা পাই কি কৰিলে তুলিৱালা মহম্মদ ৰাজুৱে
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে : কৰ্মইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। সাধাৰণতে আমি সমাজত সৰু মানুহ বুলি জ্ঞান কৰা বহু লোকৰ মন যে বহল উদাৰ সেই কথা বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে। ATM ৰ ওপৰত এক লাখ টকা পাই থানাত জমা দি তুলিৱালা মহম্মদ ৰাজু আৰু তেওঁৰ মেকানিক ভায়েকে দেখুৱালে আন এক নজিৰ। উল্লেখ্য, বিহাৰৰ মহম্মদ ৰাজু নামৰ এইজন যুৱক ভায়েকৰ সৈতে যোৰহাট নগৰত ভাড়া ঘৰত থাকে। ৰাজুৱে ঘৰে ঘৰে চাইকেল লৈ লেপ তুলি বনাই আৰু ভায়েক মহম্মদ স্বামীদ মটৰ মেকানিক। নগৰৰ ষ্টেট বেংকৰ এ টি এম ত টকা জমা দিবলৈ গৈ ৰাজুৱে দেখিলে এ টি এম মেচিনৰ ওপৰত টকাৰ এটা বাণ্ডিল আছিল। টকাৰ বাণ্ডিলটো ৰাজুৱে লোৱা দেখি আন দুজন লোকে টকা খিনি ভাগ কৰি লোৱাৰ কথা কয়। ৰাজু সেই কথাত সন্মত নহৈ ভায়েকক কথাটো জনালে । তাৰ পাছত দুই ভাই-ককাই থানালৈ গৈ এক লাখ টকাৰ বাণ্ডিলটো যোৰহাট আৰক্ষীৰ হাতত জমা দিলে। ঘৰে ঘৰে লেপ তুলি বনাই কষ্টকৰি জীৱন নিৰ্বাহ কৰা এই দুই ভাই-ককাইৰ মহানুভৱতাৰ শলাগ লৈছে সকলোৱে। কামৰ সৰু বৰ নাই, মানুহৰ মন আৰু মানসিকতাইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। যোৰহাটত কৰ্মৰত ৰাজু আৰু ভাতৃৰ কৰ্ম অনুকৰণীয় বুলি চৰ্চিত হৈছে।
