শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ জুনঃ অসম সাহিত্য সভা শক্তিশালী কৰিবৰ বাবে আমি সকলো ঐক্যবদ্ধ হ’বৰ হল। পাহাৰে-ভৈয়ামে, বৰাক ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসতি স্থাপন কৰি থকা সকলো জাতি জনগোষ্ঠী যদি একত্ৰিত হয় তেতিয়া অসমীয়া সবল শক্তিমান জাতি হৈ উঠিব। সেয়ে আমি আজি উপলব্ধি কৰিছো ধ্ৰুপদী ভাষা হিচাপে অসমৰ বুকুত দুটা ভাষা থকাৰ পাছতো আমি আজি গৌৰৱত আনন্দেৰে উথলি উঠিব পৰা নাই। গভীৰ আশংকা আমাৰ মাজত আছে আৰু আমি অন্তৰত গভীৰ আশংকা পুহি ৰাখিছো, গতিকে সকলোবিলাক বিচাৰ বিবেচনাৰে ঐক্যবদ্ধ হৈ এটা বিজ্ঞানসন্মত ধাৰণাৰে অসমীয়া ভাষাক লৈ অসম সাহিত্য সভাই যি আন্দোলন চলাই গৈছে সেই আন্দোলনৰ সহাযাত্ৰী প্ৰতিজন অসমীয়া আগবাঢ়ি আহক।–এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ।
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান দেওবাৰে নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত। সভাত অংশ লৈ প্ৰধান সম্পাদক বৰাই এইদৰে কয়। লক্ষীমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আজিৰ আকাশ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়ে। স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি তথা প্ৰবীণ সমাজকৰ্মী জগত হাজৰিকাই। ড০ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত আকাশ অনুষ্ঠানত নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় সাহিত্য অকাডেমী বঁটা প্ৰাপক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ জুৰি দত্তই। স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই। গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি বিনু লস্কৰ ঠাকুৰীয়াই। অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক অ’লিন মেণ্ড ডামিন। উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান সম্পাদক দেৱজিৎ বৰাই। অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় আকাশ উপসমিতিৰ আহ্বায়ক মানসী শইকীয়াই। আকাশ অনুষ্ঠানৰ “আশীৰ্বাদ যাত্ৰা” কাৰ্যসূচীত স্বীকৃত জিলা সাহিত্য সভাৰ দুগৰাকীকৈ সাহিত্যিক আৰু সাংগঠনিক কৰ্মীক সম্বৰ্ধনা জনোৱা হয়। জিলাসমূহৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়ক সকলৰ মন জুৰুৱা অনুষ্ঠান অনুষ্ঠিত হয়।

পৰৱৰ্তী লেখা