লখিমপুৰত একেদিনাই এখন ফাৰ্মত সোতৰ হাজাৰ কণী উৎপাদন
বহিৰ্ঃৰাজ্যৰ কণীয়ে থলুৱা কণী উৎপাদকলৈ আনিছে অশনি সংকেত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ চিয়াজুলীৰ বোকানলাত ২০১৯ বৰ্ষত কণী উৎপাদনৰ বাবে স্থাপন কৰা ‘মহাবলী লেয়াৰ প’ল্ট্ৰী ফাৰ্ম’খনে এতিয়া দৈনিক ১৭ হাজাৰকৈ কণী উৎপাদন কৰিছে যদিও সেইমতে উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বৰ্হিঃৰাজ্যৰ পৰা অহা কণীয়ে এই থলুৱা কণী উৎপাদকলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখ্য যে চিয়াজুলীৰ বোকানলাত উচ্ছ শিক্ষিত যুৱক দেৱজিৎ ছেত্ৰীয়ে ২০১৯ বৰ্ষত এই ফাৰ্মখন আৰম্ভ কৰি শেহতীয়াকৈ উক্ত ফাৰ্মখনত ২০ হাজাৰ মূৰ্গী প্ৰতিপালন কৰি আছে৷ ২ কোটি ৫০ লাখ টকাৰ ঋণ লৈ লকডাউনৰ পূৰ্বে ৫ বিঘা মাটিত স্থাপন কৰা ফাৰ্মখনত বি ভি ৩০০ নামৰ উন্নত জাতৰ কুকুৰা সমূহ সুদুৰ কলকতাৰ পৰা আনি এই ফাৰ্মখন গঢ়ি তুলিছে৷ প্ৰথম অৱস্থাত এদিনীয়া কুকুৰা পোৱালি আনি প্ৰায় ৪-৫ মাহ প্ৰতিপালন কৰাৰ পিছত শেহতীয়াকৈ ইয়াৰে গৰিষ্ঠসংখ্যক কুকুৰাই কণী পাৰিবলৈ ধৰাত উদ্যমী যুৱকজনে আশাৰ ৰেঙণি দেখা পাইছে যদিও নিতৌ বৰ্হিঃ ৰাজ্যৰ পৰা অহা কণীয়ে এই থলুৱা উদ্যমীজনলৈ হতাশা নমাই আনিছে৷ কিয়নো বিৰ্হঃৰাজ্যৰ একাংশ কণী কম মূল্যত যোগান ধৰাৰ বাবে থলুৱা ভাৱে উৎপাদিত উন্নত মানৰ কণীৰ বজাৰলৈ বিপদ কঢ়িয়াই আনিছে৷ অৱশ্যে বজাৰত বৰ্হিঃৰাজ্যৰ কণীৰ দাম কমা বুলি প্ৰচাৰ চলিলেও প্ৰকৃততে গ্ৰাহকসকলে একেই মূল্যত এনে কণীসমূহ ক্ৰয় কৰি আহিব লগা হৈছে৷ কিছুদিন পূৰ্বে এনে থলুৱা উৎপাদিত কণীৰ প্ৰতি কাৰ্টনত ১৩ শ টকাকৈ বিক্ৰী হৈছিল যদিও এতিয়া এনে কণীসমূহৰ মূল্য প্ৰতি কাৰ্টনত ১১শ টকালৈ হ্ৰাস পাইছে৷ বৰ্হিঃৰাজ্যৰ কণীৰ মূল্য হ্ৰাস পালেও উপভোক্তাই কম মূল্যত কণীসমূহ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ দেৱজিৎ ছেত্ৰীয়ে দাবী কৰা অনুসৰি তেওঁলোকৰ ফাৰ্মত উৎপাদিত কণীৰ গুণাগুণ বৰ্হিঃৰাজ্যৰ কণীতকৈ বহু উন্নত মানৰ৷ এনে কণীসমূহ বাহিৰৰ আহোঁতে কেবাদিন সময় লয় আৰু তাৰ বাবে উপভোক্তাই সতেজ কণী লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে প্ৰকৃত সোৱাদ লাভ নকৰে৷ কিন্তু ইয়াৰ বিপৰীতে মহাবলী কণীৰ তুলনা নহয় বুলি তেওঁ দাবী কৰে৷ ইফালে মহাবলী ফাৰ্মৰ কণীৰ চাহিদা লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ধেমাজি আৰু মাজুলী জিলাতো বৃদ্ধি পাইছে৷ আনহাতে ফাৰ্মত পালন কৰা এই কুকুৰাৰ মলসমূহ কৃষি কাৰ্যৰ বাবে অতি উপযোগী যদিও থলুৱা কৃষকসকলে এতিয়াও এনে মলৰ গুণাগুণ উপলব্ধ কৰা নাই বা কৃষি কাৰ্যত ব্যৱহাৰ কৰি ইয়াৰ সু-ফল লাভ কৰা নাই বুলি ক্ষুদ্ৰ উদ্যোগীজনে ব্যক্ত কৰে৷ ডেৰাডুনত একপ্ৰকাৰে প্ৰশিক্ষণ লৈ লখিমপুৰত স্থাপন কৰা এই বৃহৎ কণী উৎপাদন কৰা ফাৰ্মখনত এতিয়া উদ্যোগী যুৱকজনে থলুৱা প্ৰায় ১০-১২জন নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷ প্ৰতিদিনে এই ফাৰ্মখনত প্ৰায় ৪৫ বস্তা দানাৰ প্ৰয়োজন হয় বুলি তেওঁ জানিবলৈ দিয়ে৷