শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলাভিত্তিক ৬২ সংখ্যক শিক্ষক দিৱস আজি শৈক্ষিক ভৱন, বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়।তাঁতীবাহাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লাভলী বৰাই আঁত ধৰা আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত জিলা আয়ুক্ত সুমিত সত্বাৱনে ভাষণ প্রদান কৰি শিক্ষকসকলক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে লগতে তেঁও সকলোকে নিজৰ কৰ্তব্য পালন কৰি জিলাখনক শৈক্ষিক ক্ষেত্ৰত অসমৰ ভিতৰত এখন উন্নত মানৰ জিলা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত উপস্থিত থকা লখিমপুৰৰ বিধায়ক মানৱ ডেকাই তেওঁৰ ভাষণত কয় যে শিক্ষক সকল হৈছে সমাজৰ নমস্য ব্যক্তি। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ বাণীকান্ত কোঁৱৰে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ নিষ্ঠা, সততা আৰু শিক্ষক সমাজৰ প্ৰতি থকা তেওঁৰ অগাধ প্রেম আৰু শ্রদ্ধা সম্পৰ্কে সুন্দৰ আৰু সাৱলীল বক্তব্য আগবঢ়ায়।জিলাখনৰ শিক্ষাক্ষেত্ৰৰ বিভিন্ন দিশলৈ বিশিষ্ট সেৱা আগবঢ়োৱা বাবে সোতৰগৰাকী শিক্ষকক ২০২৩ বর্ষৰ বাবে জিলা পৰ্যায়ৰ কৃতী শিক্ষক বঁটাৰ বাবে বাছনি কৰা হয় আৰু আজিৰ এই অনুষ্ঠানত তেওঁলোকক বঁটা প্ৰদান কৰা হয়। জিলা আয়ুক্ত সভাপতি হিচাপে থকা বাছনি সমিতিখনে এই বঁটাৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পাঁচগৰাকী, উচ্চ প্ৰাথমিকৰ তিনিগৰাকী, উচ্চ মাধ্যমিকৰ চাৰিগৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ পাঁচগৰাকী শিক্ষকক বাছনি কৰে। জিলা ভিত্তিত কৃতিমান শিক্ষকৰ সম্মানেৰে বিভূষিত জিলাখনৰ মুঠ ১৭ খন বিদ্যালয়ৰ ১৭ গৰাকী শিক্ষক সকল হ’ল ক্ৰমে ৮০ নং ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ কান্তি দত্ত, ফেনখাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুচেনা বেগম, নৰ্থ লখিমপুৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজু দত্ত, বিহদিয়া মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপম সোণোৱাল, ৰূপহী ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰ হাজৰিকা, কাৰী পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ চাংমাই, নাৰায়ণপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ইভা দত্ত, চুকুলিভৰিয়া এম ভি স্কুলৰ সহকাৰী শিক্ষক আফাজুৰ ৰহমান, শলাল টেলাহী কমলাবৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰতি তামুলী ফুকন, টাউন হাই মাদ্ৰাছাৰ সহকাৰী শিক্ষক লাবন্য ফুকন, উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্য ৰঞ্জন বৰা, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু মনি শইকীয়া, উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰুন্ধতী বৰা, পতিয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমেন কলিতা, তাৰিয়নী বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰ আৰু পানী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভৃগু প্ৰসাদ শৰ্মা।ইয়াৰোপৰি আজিৰ এই অনুষ্ঠানতেই যোৱা ১০ বছৰৰ ভিতৰত জিলাখনৰপৰা ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাৰে বিভূষিত হোৱা কেইবাজনো শিক্ষকক অসমৰ মুখ্যমন্ত্ৰীয়ে পঠোৱা সম্বৰ্ধনা পত্ৰ জিলা আয়ুক্তই প্ৰদান কৰে। তেওঁলোকৰ মাজৰপৰা আজিৰ সভাত উপস্থিত থকা কৃতী শিক্ষকসকল হল ক্ৰমে পদ্মেশ্বৰ চুতীয়া, নিৰন বৰা, নৰেন দত্ত আৰু তিলক মহন্ত।আজিৰ এই কাৰ্য্যসূচীত জিলা অতিৰিক্ত আয়ুক্ত(শিক্ষা) ভাস্কৰজ্যোতি বৰা, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, লখিমপুৰ ডায়েটৰ অধ্যক্ষা দুলামী হীৰেঞ্জ, জিলা জনসংযোগ বিষয় মন্দিৰা চায়েঙিয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্য্যলয়ৰ আঁচনি বিষয়া ভবেন ভৰালী, সমাজ সেৱক ফণীধৰ বৰুৱা, জিলা আঁচনি বিষয়া ডেৰাজুল হুছেইন, জিলাৰ মুৰব্বী বিষয়াসকল, বহু কেইজন বিশিষ্ট গন্য-মান্য ব্যক্তি আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক -শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী উপস্থিত থাকে।