শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ লখিমপুৰ জিলা সূত সন্মিলনৰ উদ্যোগত আজি জাতিটোৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লখিমপুৰ জিলা সূত সন্মিলনৰ এলেকাধীন সূত জাতিৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো পৌৰোহিত্য কৰে সন্মিলনৰ সভাপতি কমল সূতে। জানমণি শইকীয়াৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা সদৌ অসম সূত সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ হাজৰিকাই সৰ্বভাৰতীয় জাতি হিচাপে সূত জাতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড°যোগানন্দ সূতে তথ্য প্ৰযুক্তিৰ যুগত ছাত্ৰ-ছাত্ৰীক নৈতিকতাৰে শিক্ষাগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাত বিশিষ্ট অতিথি ৰূপে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই কৃতি ছাত্ৰ-ছাত্ৰীক জীৱন সংগ্ৰামত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়।সভাত বিশিষ্ট অতিথি ৰূপে লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপালী হাজৰিকাই ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ সন্দৰ্ভত আলোকপাত কৰে। সভাত বিশিষ্ট অতিথি ৰূপে সন্মিলনৰ প্ৰাক্তন সম্পাদক, যুৱ নেতা জিণ্টু হাজৰিকা, প্ৰতিদিন টাইমৰ সাংবাদিক বুবুল হাজৰিকাই ছাত্ৰ-ছাত্ৰীক আধ্যাত্মিক-নৈতিক দিশটোক গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত বিশিষ্ট অতিথি ৰূপে ৰেডিয়েণ্ট ব্লুম একাডেমীৰ অধ্যক্ষ শৈলেন বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা প্ৰস্তুতি, উচ্চ শিক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। সভাখনত আদৰণি ভাষণ দিয়ে সন্মিলনৰ কাৰ্যকৰি সভাপতি মহেন শইকীয়াই, উদেশ্য ব্যাখ্যা কৰে সন্মিলনৰ সম্পাদক মুনিন্দ্ৰ বাৰিকে। সভাত আধুনিক নৃত্য পৰিৱেশন কৰে পঞ্চী শইকীয়াই, সত্ৰীয়া নৃত্য পৰিৱেশন কৰে বৰষা বাৰিকে। সভাত চিকিৎসক ডাঃ অভিজিত বৰা, চিকিৎসা বিজ্ঞানত অধ্যয়নৰত সৌৰভজ্যোতি পাচনি আৰু শেহতীয়াকৈ মিষ্টাৰ ইণ্ডিয়াৰ অপেন কেটেগৰীত ষষ্ঠ স্থান প্ৰাপক জীয়ান হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ১৬০ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক শিক্ষণ সামগ্ৰী তথা প্ৰশস্তি পত্ৰৰে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট ব্যক্তিসকলে। সামগ্ৰিকভাবে সম্বৰ্ধনাৰ আঁত ধৰে প্ৰশান্ত বাৰিকে।