শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭জানুৱাৰীঃ লখিমপুৰ জিলাৰ ৰামপুৰত আজি ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত হয়। জানিব পৰা অনুসৰি দুলাল আলি নামৰ যুৱকজনে এখন পালছাৰ বাইকত আন এজন যুৱকক বহুৱাই ৰামপুৰ দিশে গৈ থকাৰ সময়তে একে দিশৰ পৰা অহা এখন ডাম্পাৰে বাইকখন মহতীয়াই নিয়ে।ফলত ৰামপুৰৰ দুলাল আলি নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে লগৰ বন্ধুজন গুৰুতৰ ভাৱে আহত হয়। সম্প্ৰতি তেঁওক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।