শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ হিয়াৰ আমঠু আলি আঃয়ে লৃগাঙৰ সোণালী জয়ন্তী বৰ্ষ আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উদযাপন সমিতিয়ে লখিমপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে৷ তদুপলক্ষে বৰিমূৰিত থকা উত্তৰ লখিমপুৰ মিচিং কলা কৃষ্টি বিকাশ কেন্দ্ৰ আৰু মূৰং অকুমত আজি পঞ্চাশখন পতাকাৰে কাৰ্যসূচী অনুষ্ঠিত হয়৷ আজি লৃগাং উপলক্ষে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা দুপৰীয়া উদ্বোধন কৰে বিধায়ক মানৱ ডেকাৰ পত্নী ৰাজশ্ৰী ডেকাই৷ দুই বজাত মূৰং অকুম প্ৰাংগণত স্মৃতিস্তমভ উন্মোচন কৰে সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই৷ মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ভূমিৰঞ্জন দলে৷ উদ্বোধন কৰে কালিনাথ পাংগিঙে৷ ইয়াত মিচিং আগম কৌবাঙৰ সভাপতি গোবিন টাইদে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায়৷
সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, এম এম কেৰ উপ-সভাপতি বিজু কুমাৰ পেগু, উদযাপন সমিতিৰ সম্পাদক উৎপল মিলি সহ বহু গণ্য মান্য লোক উপস্থিত থকা আজিৰ সভাত মিচিং জনগোষ্ঠীৰ কেবাজনো বৰেণ্য ব্যক্তিয়ে আলি আয়ে লৃগাং আৰু মিচিং জনগোষ্ঠীৰ ওপৰত বক্তব্য ৰাখে৷ দুপৰীয়া উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে উলিওৱা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মোহিত কৰি তোলে৷ উল্লেখ্য যে ফাগুন মাহৰ প্ৰথম বুধবাৰে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে আলি আয়ে লৃগাং তথা জাতীয় কৃষিভিত্তিক উৎসৱটি পালন কৰি আহিছে৷ আজি মুকলিসভাস্থলীত বিভিন্ন ঠাইৰ পৰা অহা জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ লোকে অধিৱেশনস্থলী মুখৰিত কৰি তোলে৷ পূৰৱী পেগু দলেয়ে আঁতধৰা অনুষ্ঠানত মিচিং জনগোষ্ঠীয় লোকসকলে সমবেত সংগীত, নৃত্য, গীত আদি পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ ইফালে নিশালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত হাজাৰ হাজাৰ মিচিং যুৱক-যুৱতীৰ লগতে লৃগাংপ্ৰেমী লোকে অংশগ্ৰহণ কৰে৷