লখিমপুৰত ভাতৃ হন্তাক যাৱজ্জীৱন কাৰাদণ্ডঃ ২২ বছৰৰ পিছত আদালতৰ ৰায়

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সুদীৰ্ঘ ২২ বছৰৰ পিছত লখিমপুৰৰ আদালতত আজি এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ ২০০১ চনৰ ১৪ আগষ্টত বঙালমৰাৰ নুৰ উদ্দিন ভূঞা নামৰ এজন লোকে বঙালমৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যে- আবুল কালাম ভূঞা নামৰ লোকজনে তেওঁৰে ভাতৃ ৱাৰিছ আলম ভূঞা নামৰ লোকজনক বঙালমৰাৰে তিনঠেঙীয়া চেণ্টাৰত তাইবুৰ ৰহমানৰ দোকানত বহি থকা অৱস্থাত ৱাৰিছ আলম ভূঞাক ভাতৃ আবুল কালাম ভূঞাই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে৷ বিহপুৰীয়া থানাত ৰুজু হোৱা গোচৰ মৰ্মে লখিমপুৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত সুদীৰ্ঘ দিন বিচাৰ চলাৰ পিছত আজি অভিযুক্ত আবুল কালাম ভূঞাক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে অভিযুক্তক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত তেওঁক  কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে৷ গোচৰটোৰ চৰকাৰী পক্ষৰ অধিবক্তা আছিল যজ্ঞেশ্বৰ শইকীয়া আৰু অভিযুক্তৰ হৈ যুক্তি দৰ্শাইছিল মানিক হাজৰিকাই৷

মন্তব্য দিয়ক

Your email address will not be published.