লখিমপুৰত ভূমিদাত্ৰী সৰবৰাহী মহিলাৰ মৃত্যু

0 65

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলাৰ চমুৱা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা বকুলী দত্তৰ (৮৫) যোৱা নিশা ১১.২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বকুলী দত্তই পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ বাবে এডোখৰ ভূমি দান কৰি যায়। মৃত্যুৰ সময়ত সৰবৰহী মহিলাগৰাকীয়ে জনসংযোগ বিভাগৰ লখিমপুৰৰ জ্যেষ্ঠ সহায়ক অতুল চন্দ্ৰ দত্তৰ লগতে তিনি পুত্ৰ, এগৰাকী কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়। মহিলাগৰাকীৰ মৃত্যুত লখিমপুৰ পুথিভঁৰাল আৰু চেতনা সংঘৰ লগতে স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.